গোলাঘাট, ০৮ এপ্ৰিল (হি.স.)। আজিৰ পৰা প্ৰায় ৫০ বছৰৰ পূৰ্বে খুমটাই অঞ্চলৰ মহানুভৱ ৰাইজৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলশ্ৰুতিত পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয় খনে প্ৰতিষ্ঠা লাভ কৰে। গোলাঘাট চহৰৰ পূব দিশৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাৰে ১৯৭৬ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয় খনিয়ে অনেক ঘাত প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰিলে ৫০ টি বৰ্ষ।
সেয়েহে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগত অনুষ্ঠিত হয় এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান। এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, স্মৃতি তৰ্পণ,লগতে অকালতে হেৰাই যোৱা এই বিদ্যালয়ত কৰ্মৰত শিক্ষক আৰু শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।তাৰ লগে লগে প্ৰাক্তন ছাত্ৰ সকলে শিক্ষকসকলৰ পৰা গুৰু সেৱা আগবঢ়ায়, চিনাকী পৰ্ব,ইয়াৰ পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ সন্মিলন খনিও অনুষ্ঠিত হয় । প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়। ইয়াৰ পিছত কেইবাগৰাকীও সন্মানীয় ব্যক্তিৰ উপস্থিতিত মুকলি সভাখন অনুষ্ঠিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ