নগাও,০৮ এপ্ৰিল (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰাই ৰাজ্যত দেখা পোৱা গৈছে ব্যাপক উৎসাহ। প্ৰাৰ্থীসকল সাজু হৈছে নিজৰ নিজৰ প্ৰাৰ্থীত্ব বিচাৰি। আনহাতে এইবাৰ কোনো দলীয় চিহ্ন নোহোৱাকৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈও যথেষ্ট উৎফুল্লিত প্ৰাৰ্থী সকল।
সমান্তৰালকৈ চামগুৰিতো দেখা গৈছে প্ৰাৰ্থী সকলৰ উৎসাহ। চামগুৰি বাজিয়াগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দেখা গৈছে বিভিন্ন প্ৰাৰ্থী আবেদনকাৰীৰ ভিৰ। পুৰুষ মহিলা উভয়ে আহি আবেদন কৰিছে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ। সকলো প্ৰাৰ্থী যথেষ্ট আত্মবিশ্বাসী নিজে জয় হব বুলি।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু