বৰপেটা, ০৮ এপ্ৰিল (হি.স.)। তৰালী শৰ্মালৈ বৰপেটা বঁটা । বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ঘোষণা কৰে বৰপেটা বঁটা প্ৰাপকৰ নাম । বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰি অহা বৰপেটা বটা চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী তৰালী শৰ্মাক প্ৰদান কৰা হব।
অহা পহিলা বহাগত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰঙালী বিহুৰ অনুষ্ঠানত প্ৰদান কৰা হব এই বঁটা । আজি বৰপেটাত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কুমাৰে। উল্লেখযোগ্য যে পূৰ্বৰ দৰে এইবেলিও বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই পহিলা বহাগত বিভিন্ন কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ সাজু হৈছে। সংবাদমেলত ছাত্ৰ সন্থাৰ অন্যান্য বিষয়ববীয়া সকলো উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা