টেল আভিভ, ০৬ এপ্ৰিল (হি.স.)। আমেৰিকাই আৰোপ কৰা শুল্কক লৈ আন্তঃৰাষ্ট্ৰীয় জগতত আতংকৰ সৃষ্টি হৈছে। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সোমবাৰে আমেৰিকাৰ হোৱাইট হাউছ ভ্ৰমণ কৰিব পাৰে। ইয়াৰ বাবে ইজৰাইল চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে।
যোৱা ২ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ নতুন শুল্ক ঘোষণা কৰিছে। এই সন্দৰ্ভত বহু দেশে যথেষ্ট হেঁচা অনুভৱ কৰিছে। ইজৰাইলো ইয়াৰ ভিতৰত আছে। সূত্ৰসমূহে দাবী কৰিছে যে ইজৰাইলৰ দুজন বিষয়া আৰু হোৱাইট হাউছৰ এজন বিষয়াই ইংগিত দিছে যে বেঞ্জামিন নেতান্যাহুৱে সোমবাৰে হোৱাইট হাউছলৈ আহি শুল্ক বিষয়টোৰ ওপৰত আলোচনা কৰিব পাৰে।
ইফালে ইজৰাইলৰ সংবাদ সেৱা আৰুটজে কয় যে শুল্ক ঘোষণা কৰাৰ পিছত এইটোৱেই হ’ব প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিয়ে ট্ৰাম্পক সাক্ষাৎ কৰিব। আলোচনাৰ জৰিয়তেও আমি সমস্যাটোৰ সমাধান বিচাৰিম।
উল্লেখযোগ্য যে আমেৰিকাই ৬০খন দেশৰ ওপৰত নতুন শুল্ক ঘোষণা কৰিছে। ইয়াৰ বাবেই চীনকে ধৰি কিছুমান দেশে অসন্তুষ্টি প্ৰকাশ কৰি আনকি আমেৰিকাৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে। ইজৰাইলৰ ওপৰতো ১৭ শতাংশ শুল্ক আৰোপ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া