কাঠমাণ্ডু, ০৬ এপ্ৰিল (হি.স.)। শিক্ষা আৰু শিক্ষকৰ সৈতে জড়িত নেপাল চৰকাৰৰ নতুন আইনখনৰ বিৰুদ্ধে দেশজুৰি শিক্ষকসকলে ধৰ্মঘটৰ ঘোষণা কৰিছে। যোৱা তিনিদিন ধৰি কাঠমাণ্ডুত প্ৰতিবাদ সাব্যস্ত কৰি অহা শিক্ষকসকলে দেওবাৰে চৰকাৰৰ উদাসীনতাৰ প্ৰতিবাদত সোমবাৰৰ পৰা সাধাৰণ ধৰ্মঘটৰ ঘোষণা কৰে।
প্ৰতিবাদৰ চতুৰ্থ দিনা নেপাল শিক্ষক ফেডাৰেচনে আজি এক বিবৃতিত সোমবাৰৰ পৰা শিক্ষানুষ্ঠানসমূহত দেশজোৰা ধৰ্মঘটৰ কথা ঘোষণা কৰি কয় যে সোমবাৰৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়তে পাঠদান-শিক্ষণ নাথাকিব। নতুন শিক্ষা নীতি অনা পৰ্যন্ত ধৰ্মঘট অব্যাহত ৰাখিবলৈ সকীয়াই দিছে ফেডাৰেচনে। কাঠমাণ্ডুৰ মহিতী ঘৰৰ পৰা বাগেশ্বৰলৈকে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষকসকলে আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে।
নেপাল শিক্ষক ফেডাৰেচনৰ সভাপতি লক্ষ্মী কিশোৰ সুবেদিয়ে সমগ্ৰ দেশৰ শিক্ষকসকলক শিক্ষকতাৰ কাম ত্যাগ কৰি প্ৰতিবাদত যোগদান কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰবহী পৰীক্ষাও শেহতীয়াকৈ বন্ধ কৰি দিয়া হৈছে। নেপাল শিক্ষক ফেডাৰেচনৰ এই সাধাৰণ ধৰ্মঘটত দেশৰ ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ৰ সংগঠনসমূহেও সহযোগিতা আগবঢ়াইছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ