কৰাচী, ০৮ এপ্ৰিল (হি.স.)। এইবাৰ পাকিস্তানৰ পৰা প্ৰায় ৮৯ হাজাৰ তীৰ্থযাত্ৰী ছৌদি আৰৱলৈ যাব হজৰ বাবে। আজি ফেডাৰেল চৰকাৰে নিজৰ প্ৰস্তুতি আৰম্ভ কৰে। ২৯ এপ্ৰিলৰ নিশা ১০:১৫ বজাত কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰথমখন বিমান (ই আৰ ১৬১১ নম্বৰ) যাত্ৰা কৰিব। ইয়াত ২৮৫ গৰাকী তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিব।
দ্য নিউজ ইণ্টাৰনেশ্যনেল কাকতৰ মতে, বিষয়াসকলে জনোৱা মতে, প্ৰাৰম্ভিক পৰ্যায়ত সকলো হজ বিমান মদীনা বিমানবন্দৰলৈ ৰাওনা হ’ব। ১৪ মে’ৰ পৰা জেদ্দা বিমানবন্দৰলৈ যাত্ৰা আৰম্ভ হ’ব।পাকিস্তানৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ে সমগ্ৰ বিমানৰ সময়সূচীত অনুমোদন জনাইছে। এই তালিকা আজিৰ পৰা পাক হজ মোবাইল এপ্লিকেচনত চাব পাৰিব।
চৰকাৰৰ হজ আঁচনিৰ অধীনত ৫টা নিৰ্দিষ্ট বিমান সংস্থাৰ জৰিয়তে যাত্ৰা কৰিব ৮৯ হাজাৰ তীৰ্থযাত্ৰী। ইয়াৰ পূৰ্বে লাহোৰত অনুষ্ঠিত এক সংবাদমেলত ধৰ্মীয় পৰিক্ৰমা বিভাগৰ ফেডাৰেল মন্ত্ৰী চৰ্দাৰ মহম্মদ ইউছুফে হজ বিমান অভিযান আৰম্ভ কৰাৰ তাৰিখ নিশ্চিত কৰি কয় যে পাকিস্তানে ছৌদি কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। তেওঁ কয় যে চৰকাৰী আৰু ব্যক্তিগত দুয়োটা আঁচনিৰ অধীনত এইবাৰ ৯০ হাজাৰ পাকিস্তানী হজযাত্ৰীয়ে হাজ পালন কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰট’কল অনুসৰি তীৰ্থযাত্ৰীসকলে যাত্ৰাৰ কমেও ১০ দিন পূৰ্বে নিৰ্দিষ্ট হাজী শিবিৰত টিকাকৰণ কৰিব লাগিব।
ইফালে, পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাই ঘোষণা কৰিছে যে ২৯ এপ্ৰিলৰ পৰা ১ জুনলৈ হজৰ পূৰ্বে ২৮০খন বিশেষ বিমান চলাচল কৰিব। আৰামদায়ক যাত্ৰা নিশ্চিত কৰিবলৈ বয়িং ৭৭৭ আৰু এয়াৰবাছ এ৩২০ বিমান ব্যৱহাৰ কৰা হ’ব। ১২ জুনৰ পৰা হজৰ পিছৰ অভিযান আৰম্ভ হ’ব আৰু ১০ জুলাইলৈকে চলিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া