শুল্কৰ প্ৰকোপত পৰা কেলিফৰ্ণিয়াৰ ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু
ৰাজ্য চৰকাৰে কয়- ৰাষ্ট্ৰপতিৰ শুল্ক আৰোপ কৰাৰ কোনো অধিকাৰ নাই কেলিফৰ্ণিয়া, ১৭ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা শুল্কক লৈ কেৱল আন দেশেই নহয়, আমেৰিকাৰ ৰাজ্যসমূহকো যথেষ্ট অশান্তি দিছে। পৰিস্থিতি এনেকুৱা যে কেলিফৰ্ণিয়া ৰাজ্যই আৰো
ট্ৰাম্পৰ বাৰ্থৰাইট নীতি সলনি কৰাৰ নিৰ্দেশ


ৰাজ্য চৰকাৰে কয়- ৰাষ্ট্ৰপতিৰ শুল্ক আৰোপ কৰাৰ কোনো অধিকাৰ নাই

কেলিফৰ্ণিয়া, ১৭ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা শুল্কক লৈ কেৱল আন দেশেই নহয়, আমেৰিকাৰ ৰাজ্যসমূহকো যথেষ্ট অশান্তি দিছে। পৰিস্থিতি এনেকুৱা যে কেলিফৰ্ণিয়া ৰাজ্যই আৰোপ কৰা শুল্ক বন্ধ কৰিবলৈ ফেডাৰেল আদালতত গোচৰ দাখিল কৰিছে। ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ। ইয়াৰ ফলত কেৱল তেওঁৰ ৰাজ্যখনৰেই নহয়, সমগ্ৰ আমেৰিকাৰ অৰ্থনীতিৰ বাবেও বৃহৎ লোকচান হৈছে।

শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে দহ শতাংশৰ পৰা অধিক হাৰলৈকে শুল্ক আৰোপ কৰিছিল। আমেৰিকাৰ প্ৰায় সকলো ৰাজ্যই এই শুল্কৰ বাবে উদ্বিগ্ন হৈ পৰিছে যদিও এতিয়া কেলিফৰ্ণিয়াই মুকলিকৈ শুল্কৰ বিৰোধিতা কৰি ওলাই আহিছে। ফেডাৰেল আদালতত দাখিল কৰা এক গোচৰত কেলিফৰ্ণিয়া ৰাজ্যই কয় যে সংবিধান অনুসৰি শুল্ক আৰোপ কৰাৰ অধিকাৰ কেৱল কংগ্ৰেছেহে। এই কাম কৰিবলৈ ৰাষ্ট্ৰপতিৰ কোনো কৰ্তৃত্ব নাই। আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইনৰ উদ্ধৃতি দি ৰাষ্ট্ৰপতিয়ে শুল্ক আৰোপ কৰিছে, যিটো ভুল। এই আইনখনে ৰাষ্ট্ৰপতিক নিজৰ ইচ্ছামতে শুল্ক আৰোপ কৰাৰ কৰ্তৃত্ব প্ৰদান নকৰে। মন কৰিবলগীয়া যে কেলিফৰ্ণিয়াই আমেৰিকালৈ সৰ্বাধিক সামগ্ৰী আমদানি কৰে। ইয়াৰ ১২টা বন্দৰৰ জৰিয়তে ৪০ শতাংশ আমদানি হয়। গতিকে এই ৰাজ্যখনে শুল্ক আৰোপ কৰাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। এই শুল্কে ৰাজ্যখনৰ অৰ্থনীতিৰ লগতে চাকৰিৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে।

আনহাতে, আদালতত বিষয়টো পোৱাত হোৱাইট হাউছে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। চৰকাৰী মুখপাত্ৰ কুছ দেশাই কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউজমক কয় যে তেওঁৰ ৰাজ্যত অপৰাধৰ তুংগত আছে। মানুহে মুদ্ৰাস্ফীতিৰ সমস্যাৰ সৈতে যুঁজিছে। তেওঁলোকে ৰাজ্যৰ সমস্যাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শুল্ক বন্ধ কৰিবলৈ চেষ্টা কৰিব নালাগে। কোনো কাৰণতে তেওঁলোকৰ এই পদক্ষেপক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande