ৱাশ্বিংটন, ১৯ এপ্ৰিল (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সতৰ্কবাণীৰ মাজতে ইৰাণে পাৰমাণৱিক চুক্তি সন্দৰ্ভত আলোচনা কৰিবলৈ সন্মত হৈছে। আজি (শনিবাৰে) ইটালীৰ ৰাজধানী ৰোমত আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা হ’ব। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচি আৰু আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকাফে এই আলোচনাত অংশ ল’ব। দুয়োখন দেশৰ মাজত হোৱা আলোচনাত বিশ্বৰ দৃষ্টি নিবদ্ধ।
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আমেৰিকা অতিশয় ক্ষুব্ধ। শেহতীয়াকৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক নিজৰ পাৰমাণৱিক কাৰ্যসূচী পৰিত্যাগ কৰিবলৈ কয়। তেওঁ লগতে সকীয়াই দিয়ে যে যদিহে পাৰমাণৱিক চুক্তিখন পৰিত্যাগ কৰা নহয় তেন্তে ইৰাণে ইয়াৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। হোৱাইট হাউছৰ সচিব কেৰ’লিন লেভিটে ৰোমত অনুষ্ঠিত হোৱা বৈঠক নিশ্চিত কৰি কয় যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ লাভ কৰাটো আমেৰিকাই নিবিচাৰে। এতিয়া ইৰাণৰ হাতত দুটা বিকল্প আছে, হয় ইৰাণে পাৰমাণৱিক চুক্তি এৰিব নহয় ইয়াৰ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হ’ব। অৱশ্যে আমেৰিকাই আৰু কেইদিনমানৰ বাবে একেধৰণৰ আলোচনা অব্যাহত ৰাখিব বিচৰাৰ ইংগিত পোৱা গৈছে।
মন কৰিবলগীয়া যে আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয়বাৰৰ বাবে এই কথা-বতৰা চলি আছে। ইয়াৰ পূৰ্বে ১২ এপ্ৰিলত ওমানত দুয়োখন দেশৰ মাজত ধাৰাবাহিকভাৱে আলোচনা হৈছিল। এই বৈঠকত মধ্যস্থতা কৰে ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ আল বুছৈদীয়ে।
ইৰাণে ছটা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পাৰে
আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণক পাৰমাণৱিক শক্তি হিচাপে গঢ়ি তোলাত বাধা দিবলৈ চেষ্টা কৰিলেও এই বিষয়ত ইতিমধ্যে তেওঁলোক বহু দূৰলৈ গৈছে। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক সংস্থাৰ সূত্ৰই দাবী কৰিছে যে ইৰাণে প্ৰায় ৬০ শতাংশ বিশুদ্ধতাৰ ২৭৫ কিলোগ্ৰাম ইউৰেনিয়াম উৎপাদন কৰিছে। ইয়াৰ পৰা কমেও ছটা পৰমাণু তৈয়াৰ কৰিব পাৰি।
हिन्दुस्थान समाचार / Monoj Kumar Saikia