ফেচবুক, এক্স, ইনষ্টাই নুশুনিলে নেপাল চৰকাৰৰ কথা, এতিয়া নিষেধাজ্ঞাৰ সন্মুখীন
-নেপাল চৰকাৰৰ আইন অনুসৰি পঞ্জীয়ন কৰিব লাগিব কাঠমাণ্ডু, ১৯ এপ্ৰিল (হি.স.)। নেপাল চৰকাৰৰ পৰা বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো বহু ছ’চিয়েল মিডিয়া ছাইটে চৰকাৰী নিৰ্দেশনা অনুসৰি নেপালত পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ বাবে ক্ষুব্ধ হৈ নেপাল চৰকাৰে এতিয
सोशल मीडिया साइट्स प्रतीकात्मक तस्वीर


-নেপাল চৰকাৰৰ আইন অনুসৰি পঞ্জীয়ন কৰিব লাগিব

কাঠমাণ্ডু, ১৯ এপ্ৰিল (হি.স.)। নেপাল চৰকাৰৰ পৰা বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো বহু ছ’চিয়েল মিডিয়া ছাইটে চৰকাৰী নিৰ্দেশনা অনুসৰি নেপালত পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ বাবে ক্ষুব্ধ হৈ নেপাল চৰকাৰে এতিয়া এই ছ’চিয়েল মিডিয়া চাইটসমূহ নিষিদ্ধ কৰিবলৈ সাজু হৈছে।

শনিবাৰে কাঠমাণ্ডুত অনুষ্ঠিত এক কাৰ্যসূচীত নেপাল চৰকাৰৰ মুখপাত্ৰ তথা তথ্য আৰু যোগাযোগ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে কয় যে নেপালত পঞ্জীয়ন নকৰা সেই ছ’চিয়েল মিডিয়া চাইটসমূহ নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলি আছে। প্ৰথমে তিনিমাহ আৰু পিছত পিছত এমাহৰ সময় দিয়া হ’ল। ইয়াৰ পিছতো নেপালত পঞ্জীয়ন হোৱা নাই ছ’চিয়েল প্লেটফৰ্ম ফেচবুক, এক্স, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম। তেওঁ কয় যে ১৯ এপ্ৰিলত চূড়ান্ত এমাহৰ সময়সীমাও শেষ হৈছে, গতিকে নেপালত পঞ্জীয়ন নোহোৱা সকলো ছ’চিয়েল মিডিয়া চাইট নিষিদ্ধ কৰাৰ সিদ্ধান্ত দেওবাৰে লোৱা হ’ব। নেপালৰ নীতি-নিয়ম মানি নচলা ছ’চিয়েল মিডিয়া কোম্পানী আৰু নেপাল চৰকাৰৰ তথ্য ভুলকৈ উপস্থাপন কৰা কোম্পানীক নিষেধাজ্ঞা আৰোপ কৰাটো প্ৰয়োজনীয়। নেপাল চৰকাৰে নিজৰ আইন অনুসৰি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম নিষিদ্ধ কৰিব।

নেপাল চৰকাৰে এই তথ্য প্ৰকাশ কৰাৰ পিছত এতিয়ালৈকে নেপালত কেৱল ইউটিউব, ভাইবাৰ, ৱেচাট, আৰু টিকটকহে পঞ্জীয়ন কৰিছে। বাকী কোম্পানীবোৰে নেপাল চৰকাৰৰ এই নিৰ্দেশৰ উত্তৰ পত্ৰও প্ৰেৰণ কৰা নাই। ফেচবুক, হোৱাটছএপ, মেচেঞ্জাৰ আদি ছ’চিয়েল মিডিয়া চাইট চলোৱা মেটা কোম্পানীয়ে আনকি নেপাল চৰকাৰৰ সৈতে ভাৰ্চুৱেল মিটিং কৰিবলৈও অস্বীকাৰ কৰিছে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande