কাঠমাণ্ডু, ১৮ এপ্ৰিল (হি.স.)। দীৰ্ঘদিন ধৰি নেপালৰ ৰাজতন্ত্ৰ সমৰ্থক ৰাজনীতিত জড়িত ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি আৰু প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ মাজত বিভাজনৰ সৃষ্টি হৈছে। প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ সকলো সংগঠন, গোট, প্ৰচাৰ আদিৰ স্বীকৃতি নাকচ কৰিছে দলটোৱে। কেৱল এয়াই নহয়, দলটোৱে সিদ্ধান্ত লৈছে যে যদি প্ৰাক্তন ৰজাই প্ৰচাৰত যোগদান কৰে তেন্তে তেওঁৰ দলৰ সদস্যপদ স্বয়ংক্ৰিয়ভাৱে বাতিল হ’ব।
শুকুৰবাৰে সংবাদমেলত দলটোৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত লোৱা সিদ্ধান্তৰ তথ্য প্ৰদান কৰা হয়। দলৰ মুখপাত্ৰ মোহন শ্ৰেষ্ঠই কয় যে এতিয়াৰ পৰা নেপালত ৰাজতন্ত্ৰ ঘূৰাই অনাৰ বাবে যিকোনো প্ৰচাৰ বা আন্দোলন কেৱল দলৰ নেতৃত্বতহে চলিব। তেওঁ কয় যে দলীয় কাৰ্যকলাপৰ বাহিৰে আন কোনো ধৰণৰ প্ৰচাৰ বা আন্দোলনত দলৰ নেতাসকলক অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰা হৈছে। অন্য কোনো গোট, সংগঠন বা প্ৰচাৰ অভিযানত সক্ৰিয় দলৰ এনে সকলো বিষয়ববীয়াৰ পদ স্বয়ংক্ৰিয়ভাৱে শেষ হৈ যাব বুলিও তেওঁ কয়। লগতে দলটোৱে সকলো নেতাক এনে প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে। ২০ এপ্ৰিলত কাঠমাণ্ডুৰ নিষিদ্ধ এলেকাত সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আদালতত গণগ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছে।
দৰাচলতে শেহতীয়াকৈ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে ৰাজতন্ত্ৰৰ সপক্ষে ৰাজনীতি কৰা আৰ পি পি দলটোক একাষৰীয়া কৰি একেটা দলৰ একাংশ নেতাক নিজৰ বাসগৃহলৈ মাতি আনি পৃথক প্ৰচাৰ ঘোষণা কৰিবলৈ কৈছিল। শ্বাহৰ নিৰ্দেশ অনুযায়ী দলৰ উপ-সভাপতি ৰবীন্দ্ৰ মিশ্ৰ, সাধাৰণ সম্পাদক ধৱাল শমশ্বেৰ ৰাণা, প্ৰাক্তন সভাপতি প্ৰকাশ চান্দ লোহানী, কেন্দ্ৰীয় সদস্য নৱৰাজ সুবেদীক ফোন কৰি ৰাজসংস্থ পুনৰুদ্ধাৰ যুটীয়া সংগ্ৰাম সমিতি গঠন কৰা হয়। সুবেদীৰ নেতৃত্বত গঠন হোৱা এই সমিতিখনত ৰবীন্দ্ৰ মিশ্ৰক সঞ্চালক সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হয়, আনহাতে ধৱাল শমশ্বেৰৰ নেতৃত্বত আন্দোলন সমিতি ঘোষণা কৰা হয়। সেইদৰে পূৰ্বৰ ৰজাই দুৰ্গা প্ৰসাইক জনন্দোলন সমিতিৰ সেনাপতি কৰি লৈছিল।
বিগত ২৮ মাৰ্চত কাঠমাণ্ডুত হোৱা হিংসাত্মক বিক্ষোভৰ পিছত সেই সমিতিৰ আহ্বায়ক নৱৰাজ সুবেদী এতিয়াও গৃহবন্দী হৈ থকাৰ বিপৰীতে ৰবীন্দ্ৰ মিশ্ৰ আৰু ধৱল শমশ্বেৰক একে নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঠিক তেনেদৰে পূৰ্বৰ ৰজাৰ আন্দোলনৰ সেনাপতি কৰা দুৰ্গা প্ৰসাইক ভাৰতৰ অসমৰ পৰা গ্ৰেপ্তাৰ কৰি নেপাললৈ অনা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া