কাঠমাণ্ডু, ১৭ এপ্ৰিল (হি.স.)। নেপালৰ কাঠমাণ্ডুৰ পৰা ২ কোটিৰো অধিক মূল্যৰ সোণ-ৰূপৰ গহনাসহ ৯ জন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি ৰাজধানীৰ বিভিন্ন স্থানত তেওঁলোকে অবৈধভাৱে সোণ-ৰূপ বিক্ৰী কৰিছিল।
কাঠমাণ্ডু আৰক্ষীৰ মুখপাত্ৰ এপেল বহৰাই জনোৱা মতে, আৰক্ষীৰ অভিযানৰ সময়ত ১ কেজি ৭৬.৫১৮ গ্ৰাম সোণ আৰু ১ কেজি ৮৪৫.৪২৯ গ্ৰাম ৰূপ জব্দ কৰা হৈছে। জব্দ কৰা সোণৰ মূল্য ১ কোটি ৭০ লাখ টকা, আনহাতে ৰূপৰ মূল্য ৩০ লাখ টকা। ইয়াৰ উপৰিও তেওঁলোকৰ কবলৰ পৰা ৮ লাখ ২৭ হাজাৰ টকাৰ নেপালী মুদ্ৰা আৰু ৯১ হাজাৰ ৭০০ টকাৰ ভাৰতীয় মুদ্ৰা উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে ধৃত আটাইকেইজন ভাৰতীয় নাগৰিক মহাৰাষ্ট্ৰৰ আৰু বৰ্তমান কাঠমাণ্ডুৰ বিভিন্ন স্থানত বাস কৰি আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া