বৈছাখী উৎসৱৰ বাবে পাকিস্তানে ৬৫০০ৰো অধিক ভাৰতীয় শিখ তীৰ্থযাত্ৰীক প্ৰদান কৰিলে ভিছা
ইছলামাবাদ, ০৮ এপ্ৰিল (হি স)। এইবাৰ বৈছাখী উৎসৱৰ বাবে পাকিস্তানে ৬৫০০ৰো অধিক ভাৰতীয় শিখ তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিছে। ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলে ১০ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ পাকিস্তানৰ গুৰদ্বাৰা পাঞ্জা চাহাব, ননকনা চাহাব, কৰতাৰপুৰ চাহাবকে ধৰি প্ৰধান
पाकिस्तान में गुरुद्वारा पंजा साहिब, ननकाना साहिब और करतारपुर साहिब सिख तीर्थयात्रियों के प्रमुख धार्मिक स्थल हैं।


ইছলামাবাদ, ০৮ এপ্ৰিল (হি স)। এইবাৰ বৈছাখী উৎসৱৰ বাবে পাকিস্তানে ৬৫০০ৰো অধিক ভাৰতীয় শিখ তীৰ্থযাত্ৰীক ভিছা প্ৰদান কৰিছে। ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলে ১০ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ পাকিস্তানৰ গুৰদ্বাৰা পাঞ্জা চাহাব, ননকনা চাহাব, কৰতাৰপুৰ চাহাবকে ধৰি প্ৰধান ধৰ্মীয় মন্দিৰসমূহ পৰিদৰ্শন কৰিব।

তীৰ্থযাত্ৰাৰ চাৰ্জ ডি এফেয়াৰ্ছ পাকিস্তান সাদ আহমদ ৱাৰাইচে কয় যে ২০২৫ চনৰ বৈছাখী উৎসৱ উপলক্ষে নতুন দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তই ভাৰতীয় তীৰ্থযাত্ৰীসকলক ৬৫০০ৰো অধিক ভিছা প্ৰদান কৰিছে বুলি এ আৰ ৱাই নিউজ চেনেলে প্ৰকাশ কৰিছে। ইয়াৰ ফলত ধৰ্মীয় সম্প্ৰীতি আৰু পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব।

তেওঁ কয় যে পাকিস্তানৰ ভিছা নীতিৰ লক্ষ্য হৈছে বিভিন্ন সংস্কৃতি আৰু ধৰ্মৰ মাজত সেতু নিৰ্মাণ কৰা। পাকিস্তানে দেশৰ পবিত্ৰ স্থানলৈ ধৰ্মীয় দৰ্শনাৰ্থীৰ তীৰ্থযাত্ৰাৰ সুবিধা প্ৰদান কৰি যাব।

ইয়াৰ পূৰ্বে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তই চকৱাল জিলাত অৱস্থিত পবিত্ৰ শ্ৰী কটাছ ৰাজ মন্দিৰ পৰিদৰ্শন কৰিবলৈ তীৰ্থযাত্ৰীৰ এটা দলক ১৫৪টা ভিছা প্ৰদান কৰিছিল। ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই তীৰ্থযাত্ৰা ২ মাৰ্চত সম্পূৰ্ণ হয়। উল্লেখযোগ্য যে প্ৰতি বছৰে হাজাৰ হাজাৰ ভাৰতীয় তীৰ্থযাত্ৰী পাকিস্তান ভ্ৰমণ কৰি ১৯৭৪ চনৰ পাকিস্তান-ভাৰত প্ৰট’কলৰ অধীনত বিভিন্ন ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰি ধৰ্মীয় মন্দিৰ ভ্ৰমণৰ বাবে পাকিস্তান ভ্ৰমণ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande