৩ জুনত দক্ষিণ কোৰিয়াত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন
ছিউল, ০৮ এপ্ৰিল (হি.স.)। দক্ষিণ কোৰিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী হান ডুক-ছুৱে আজি কেবিনেট বৈঠকত ঘোষণা কৰে যে ৩ জুনত নতুন ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি ইউন চুক ইয়েলক অপসাৰণ কৰাৰ পিছত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰ
বাওঁফালে দক্ষিণ কোৰিয়াৰ জাতীয় পতাকা আৰু সোঁফালে নিৰ্বাচনী বিষয়াসকলক প্ৰতিনিধিত্ব কৰা পতাকা। গ্ৱাচিয়েনত থকা ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ত দুয়োখন পতাকা উত্তোলন কৰা হৈছে।


ছিউল, ০৮ এপ্ৰিল (হি.স.)। দক্ষিণ কোৰিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী হান ডুক-ছুৱে আজি কেবিনেট বৈঠকত ঘোষণা কৰে যে ৩ জুনত নতুন ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি ইউন চুক ইয়েলক অপসাৰণ কৰাৰ পিছত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰে দেশৰ সাংবিধানিক আদালতে ইয়েওলক পদৰ পৰা বৰ্খাস্ত কৰে।

এই তথ্য দ্য কোৰিয়া হেৰাল্ডৰ বাতৰিত দিয়া হৈছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত দেশত সামৰিক আইন সাময়িকভাৱে ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল ইয়েলে। ইয়াৰ ওপৰত নেচনেল এচেম্বলীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। তেওঁ ইয়াক সাংবিধানিক আদালতত প্ৰত্যাহ্বান জনায়। সাংবিধানিক আদালতে সংখ্যাগৰিষ্ঠতাৰে অভিযোগনামা দাখিল কৰি তৎক্ষণাত ইয়েলক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰে।

হান ডাক-ছুৱে কয় যে ৩ জুনত ছুটী থাকিব। কেবিনেট বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি নিৰ্বাচনৰ সময়সূচী প্ৰস্তুত কৰা বুলিও তেওঁ কয়। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন থকা যিকোনো ৰাজহুৱা বিষয়াই ৪ মে’ৰ মাজনিশাৰ ভিতৰত পদৰ পৰা পদত্যাগ কৰিব লাগিব বুলি নিৰ্বাচনী বিষয়াসকলে জানিবলৈ দিয়ে। ইফালে নিৰ্বাচনী প্ৰচাৰ ১২ মে’ৰ পৰা আৰম্ভ হৈ ২ জুনত শেষ হ’ব। ভোটগ্ৰহণ ৩ জুনত পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande