টেক্সাছ, ০৬ এপ্ৰিল (হি.স.)। আমেৰিকাত ভাৰতীয় মূলৰ ন্যায়াধীশ কে পি জৰ্জক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে। অৱশ্যে পিছত জামিনত মুকলি কৰি দিয়া হয়। আনহাতে জৰ্জে ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি সকলো অভিযোগ নাকচ কৰে।
এই গোচৰটো আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ ফ’ৰ্ট বেণ্ড কাউন্টিৰ। জিলা অধিবক্তাগৰাকীৰ মতে, ভাৰতীয় মূলৰ জৰ্জৰ বিৰুদ্ধে ৩০ হাজাৰৰ পৰা ১.৫ লাখ ডলাৰৰ ভিতৰত ধন সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে জালিয়াতি আৰু নিৰ্বাচনী পুঁজিৰ অনিয়মৰ অভিযোগো উত্থাপন হৈছে। শুকুৰবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান ২০ হাজাৰ ডলাৰৰ জামিনত মুকলি কৰি দিয়া হৈছে। আমেৰিকাৰ আইন অনুসৰি যদি তেওঁক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁক দহ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। ২০১৮ চনৰ পৰা কাউন্টি জজ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে কে পি জৰ্জে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ