পৰ্তুগাল ভ্ৰমণৰ অৰ্থে লিছবনত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু
লিছবন, ০৭ এপ্ৰিল (হি.স.)। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু চৰকাৰী ভ্ৰমণসূচীৰে পৰ্তুগালৰ লিছবনত উপস্থিত হয়। পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাৰ আমন্ত্ৰণত তেওঁ পৰ্তুগাললৈ এই ভ্ৰমণলৈ গৈছে। নতুন দিল্লীৰ পৰা যাত্ৰা কৰাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি দ
ৰাষ্ট্ৰপতি মুৰ্মু


লিছবন, ০৭ এপ্ৰিল (হি.স.)। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু চৰকাৰী ভ্ৰমণসূচীৰে পৰ্তুগালৰ লিছবনত উপস্থিত হয়। পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাৰ আমন্ত্ৰণত তেওঁ পৰ্তুগাললৈ এই ভ্ৰমণলৈ গৈছে।

নতুন দিল্লীৰ পৰা যাত্ৰা কৰাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অফিচিয়েল x একাউণ্টত কোৱা হৈছে যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পৰ্তুগাল আৰু শ্লোভাক গণৰাজ্যলৈ ঐতিহাসিক চৰকাৰী ভ্ৰমণলৈ ৰাওনা হয়। ২৫ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম চৰকাৰী ভ্ৰমণ। এই ভ্ৰমণসমূহে ইউৰোপীয় ইউনিয়নৰ দুটা গুৰুত্বপূৰ্ণ অংশীদাৰৰ সৈতে ভাৰতৰ বহুমুখী যোগাযোগ আৰু অধিক সম্প্ৰসাৰিত কৰিব।

ৰাষ্ট্ৰপতি মুৰ্মুৱে ৭ আৰু ৮ এপ্ৰিলত পৰ্তুগালত থাকিব । এই ভ্ৰমণ গুৰুত্বপূৰ্ণ কাৰণ ভাৰত আৰু পৰ্তুগালৰ মাজত ৫০ বছৰীয়া কূটনৈতিক সম্পৰ্ক সম্পূৰ্ণ হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বে ১৯৯৮ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে পৰ্তুগাল ভ্ৰমণ কৰিছিল।

এই সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে পৰ্তুগীজৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছা, প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰো আৰু সংসদৰ অধ্যক্ষ জোচে পেড্ৰ’ আগুয়াৰ-ব্ৰাংকোক সাক্ষাৎ কৰিব। এই বৈঠকসমূহত বাণিজ্য, অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক বিনিময় বৃদ্ধিৰ ওপৰত আলোচনা হ’ব। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি মুৰ্মুৱে পৰ্তুগালত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলকো সাক্ষাৎ কৰিব।

পৰ্তুগালৰ পিছত ৯ এপ্ৰিলত ৰাষ্ট্ৰপতি মুৰ্মু শ্লোভাকিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণ এই অৰ্থতো বিশেষ যে প্ৰায় ৩০ বছৰৰ ভিতৰত ভাৰতৰ কোনো ৰাষ্ট্ৰপতিৰ শ্লোভাকিয়া ভ্ৰমণৰ এইটোৱেই হ’ব প্ৰথম। শ্লোভাকিয়াত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি, প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু সংসদৰ অধ্যক্ষ ৰিচাৰ্ড ৰাছিক সাক্ষাৎ কৰিব। এই বৈঠকসমূহত ভাৰত আৰু শ্লোভাকিয়াৰ মাজত বাণিজ্য, কাৰিকৰী সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande