কাঠমাণ্ডু, ১০ এপ্ৰিল (হি.স.)। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নেপাল আৰু ভাৰতৰ শুল্ক বিষয়াৰ মাজত বাণিজ্যিক বৈঠক। দুদিনীয়া এই বৈঠকৰ মূল উদ্দেশ্য হ’ল দুয়োখন দেশৰ মাজত বাণিজ্যক অধিক সুবিধাজনক আৰু সহজ কৰি তোলাৰ লগতে অবৈধ বাণিজ্য আৰু ৰাজহ চুৰি নিয়ন্ত্ৰণ কৰা।
আলোচনাত দুয়োখন দেশৰ মাজত ৰপ্তানি বাণিজ্যৰ সৈতে জড়িত আগতীয়া তথ্য প্ৰদান, আমদানি-ৰপ্তানি সামগ্ৰী কঢ়িয়াই অনা কণ্টেইনাৰৰ বাবে কাৰ্গো ট্ৰেকিং ব্যৱস্থা বাধ্যতামূলক কৰা আৰু ভাৰতৰ মাজেৰে নেপালৰ পৰা তৃতীয় দেশলৈ ৰপ্তানি আৰু তৃতীয় দেশৰ পৰা ভাৰতলৈ আমদানিৰ আগতীয়া তথ্য প্ৰদান কৰা আদি আলোচনাত অংশগ্ৰহণ কৰে।
নেপালৰ শুল্ক বিভাগৰ তথ্য বিষয়া নাৰায়ণ প্ৰসাদ ৰেগমীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমদানি আৰু ৰপ্তানি কৰা সামগ্ৰীৰ মান পৰীক্ষা কৰিবলৈ সীমান্তৰ চেকপইণ্টত গুণগত মান আৰু কোৱাৰেণ্টাইন পৰিদৰ্শন ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব। তদুপৰি ভৈৰহোৱা আৰু চান্দনী-দোধৰাত নির্মাণধীন সংহত চেক প’ষ্টসমূহ লক্ষ্য নির্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূর্ণ কৰা আৰু ভাৰতলৈ নেপালী সামগ্রী ৰপ্তানিৰ বাবে ৰূপায়িত গুণগত মান প্রমাণীকৰণ প্রক্রিয়া সহজ কৰি তোলা আদি বিষয়সমূহো আলোচনা কৰা হ’ব৷
নেপাল পক্ষৰ পৰা শুল্ক বিভাগৰ সঞ্চালক প্ৰধান মহেশ ভট্টৰাই আৰু ভাৰত পক্ষৰ পৰা ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান অভয় কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত আলোচনাত মিলিত হৈছে। ভাৰতীয় দলটোত আছে লক্ষ্ণৌ আঞ্চলিক ইউনিটৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক প্ৰধান, নেপালত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব আৰু কলকাতা, পাটনা আৰু লক্ষ্ণৌ শুল্ক কাৰ্যালয়ৰ মুৰব্বীকে ধৰি অন্যান্য বিষয়াসকল। নেপালৰ দলটোত বিত্ত মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, উদ্যোগ, বাণিজ্য আৰু যোগান মন্ত্ৰালয়, খাদ্য প্ৰযুক্তি আৰু গুণগত নিয়ন্ত্ৰণ বিভাগ, পশু আৰু শস্য কোৱাৰেণ্টাইন বিভাগকে ধৰি অন্যান্য সংস্থাসমূহৰ উচ্চ পদস্থ বিষয়াসকলো আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া