-ছাত্ৰৰ আন্দোলন দমনৰ অভিযোগত ন্যায়াধিকৰণ আইনত সংশোধন
ঢাকা, ১১ মে’ (হি.স.)। এক বৃহৎ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। একে সময়তে চৰকাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ (আদালত) আইনখন সংশোধন কৰি ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহ দমনৰ ক্ষেত্ৰত দলটোৰ কথিত ভূমিকা সম্পৰ্কে তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।
শনিবাৰে নিশা অন্তৱৰ্তীকালীন চৰকাৰী মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ অধ্যক্ষতাত অনুষ্ঠিত জৰুৰী বৈঠকৰ অন্তত এই ঘোষণা কৰে। বৈঠকৰ অন্তত সংবাদমেলত আইন উপদেষ্টা আছিফ নাজৰুল চৰকাৰৰ তিনিটা মূল সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে এই সিদ্ধান্তসমূহৰ আনুষ্ঠানিক অধিসূচনা পৰৱৰ্তী কৰ্মদিনত জাৰি কৰা হ’ব।
চৰকাৰে স্পষ্ট কৰি দিছে যে ন্যায়িক সিদ্ধান্ত নোপোৱালৈকে অনলাইন আৰু ডিজিটেল প্লেটফৰ্মত কাম-কাজকে ধৰি আৱামি লীগৰ সকলো কাম-কাজ এতিয়াৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ হৈ থাকিব। এই পদক্ষেপ ৰাষ্ট্ৰীয় নিৰাপত্তা, সাৰ্বভৌমত্ব, জুলাই বিদ্ৰোহৰ সৈতে জড়িত কৰ্মীসকলৰ সুৰক্ষা, আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ (আইচিটি)ৰ সাক্ষী আৰু অভিযোগকাৰীৰ সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা গ্ৰহণ কৰা হৈছে।
ইয়াৰ উপৰিও অহা ৩০ কৰ্মদিনত “জুলাই ইস্তাহাৰ”ৰ চূড়ান্ত সংস্কৰণ প্ৰকাশ কৰা হ’ব, য’ত ছাত্ৰ আন্দোলনৰ সৈতে জড়িত নথি-পত্ৰ আৰু অভিযোগ সন্নিবিষ্ট কৰা হ’ব।
চৰকাৰে কয় যে দেশৰ ৰাজনৈতিক স্থিতিশীলতা বজাই ৰখাৰ লগতে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে অনুকূল পৰিৱেশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৱা কেইটামান সপ্তাহত সমগ্ৰ দেশত আৱামি লীগে সংঘটিত কৰা প্ৰতিবাদ আৰু হিংসাত্মক কাৰ্যকলাপৰ অভিযোগক লৈ সজাগ হৈ পৰিছিল প্ৰশাসন।
অৱশ্যে এই নিষেধাজ্ঞা সন্দৰ্ভত এতিয়াও আৱামি লীগ বা শ্বেখ হাছিনাৰ কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।
দেশত আগন্তুক সংসদীয় নির্বাচনৰ প্রস্তুতি আৰম্ভ হোৱাৰ লগতে বিৰোধী দলসমূহে নিকা নির্বাচনৰ দাবীত হেঁচা বাঢ়ি অহাৰ সময়তে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া