ট্ৰাম্পৰ মধ্যপ্ৰাচ্য ভ্ৰমণৰ পূৰ্বে আমেৰিকাৰ পণবন্দী এডেন আলেকজেণ্ডাৰক মুকলি কৰি দিয়াৰ ঘোষণা হামাছৰ
জেৰুজালেম, ১২ মে’ (হি.স.)। পেলেষ্টাইনী সশস্ত্ৰ সংগঠন আৰু কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছে শেষৰজন আমেৰিকান পণবন্দী এডেন আলেকজেণ্ডাৰক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে। অৱশ্যে এই ঘোষণাত কেতিয়া এডেন আলেকজেণ্ডাৰক মুকলি কৰি দিয়া হ’ব সেই কথা কোৱা হোৱা না
হামাছৰ জিম্মাত থকা আমেৰিকাৰ পণবন্দী এডেন আলেকজেণ্ডাৰ


জেৰুজালেম, ১২ মে’ (হি.স.)। পেলেষ্টাইনী সশস্ত্ৰ সংগঠন আৰু কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছে শেষৰজন আমেৰিকান পণবন্দী এডেন আলেকজেণ্ডাৰক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে। অৱশ্যে এই ঘোষণাত কেতিয়া এডেন আলেকজেণ্ডাৰক মুকলি কৰি দিয়া হ’ব সেই কথা কোৱা হোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মধ্যপ্ৰাচ্য আৰু অঞ্চলটো ভ্ৰমণ কৰাৰ সম্ভাৱনা থকাৰ মাত্ৰ কেইদিনমান পূৰ্বে হামাছে এই ঘোষণা কৰিছে।

দ্য নিউয়ৰ্ক টাইমছৰ মতে, হামাছৰ মুখ্য আলোচনাপন্থী খলিল আল হায়াই দেওবাৰে গভীৰ নিশা এই ঘোষণা কৰে। তেওঁ এক বিবৃতিত কয় যে হামাছে আমেৰিকাৰ সৈতে আলোচনাৰ অন্তত ২১ বছৰীয়া পণবন্দী এডেন আলেকজেণ্ডাৰক মুকলি কৰি দিবলৈ সন্মত হৈছে। খলিলে কয় যে গাজাত বন্দী হৈ থকা শেষৰজন জীৱিত আমেৰিকান নাগৰিকক হামাছে মুকলি কৰি দিব। অৱশ্যে আলেকজেণ্ডাৰক কেতিয়া মুকলি কৰি দিয়া হ’ব আৰু বিনিময়ত তেওঁ চুক্তিত উপনীত হৈছে সেয়া স্পষ্ট কৰা নাই খলিলে।

নিউ জাৰ্ছিৰ টেনাফলীত ডাঙৰ-দীঘল হোৱা আলেকজেণ্ডাৰে বৰ্তমান ইজৰাইল আৰু আমেৰিকাৰ (দ্বিতীয়) নাগৰিকত্ব লাভ কৰিছে। হাইস্কুলৰ পিছত তেওঁ সেনাবাহিনীত সেৱা আগবঢ়াবলৈ ইজৰাইললৈ গুচি যায়। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীয়ে তেওঁক ২০০ জন লোকৰ সৈতে সামৰিক চেকপইণ্টৰ পৰা অপহৰণ কৰিছিল। মঙলবাৰৰ পৰা আৰম্ভ হ’ব পাৰে ট্ৰাম্পৰ কূটনৈতিক ভ্ৰমণ। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ ইৰাণৰ সৈতে হোৱা আলোচনাক লৈ ইজৰাইলৰ সৈতে মতানৈক্যৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পে চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী আৰু কাটাৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ট্ৰাম্প অৱশ্যে ইজৰাইল ভ্ৰমণ নকৰিবও পাৰে।

আমেৰিকাৰ এজন বিষয়াই কয় যে সোমবাৰে এলেনক মুকলি কৰি দিব পৰা যাব বুলি ট্ৰাম্প প্ৰশাসনে আশা কৰিছে। আলেকজেণ্ডাৰৰ মুক্তি নিশ্চিত কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ মধ্যপ্ৰাচ্যৰ দূত ষ্টিভ উইটকফ আৰু বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আলেকজেণ্ডাৰৰ মুক্তিৰ খবৰটোক ট্ৰাম্পে “আমেৰিকাৰ প্ৰতি সদিচ্ছাৰ পদক্ষেপ” বুলি অভিহিত কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande