-বিনিময় হাৰ সংস্কাৰৰ ক্ষেত্ৰত একমতত উপনীত
ঢাকা, ১৫ মে’ (হি.স.)। বাংলাদেশক ১.৩ বিলিয়ন ডলাৰৰ নতুন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে। এই সাহায্যৰ পৰিমাণ আই এম এফৰ ৪.৭ বিলিয়ন ডলাৰৰ ঋণ পেকেজৰ অধীনত দিয়া হৈছে, য’ত এতিয়া চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ কিস্তিও অন্তৰ্ভুক্ত কৰা হৈছে। মুদ্ৰা বিনিময় হাৰ সংস্কাৰ সন্দৰ্ভত একমত হোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।
আই এম এফ আৰু বাংলাদেশ চৰকাৰৰ মাজত ক্ৰ’লিং পেগ ব্যৱস্থা গ্ৰহণৰ চুক্তি হৈছে। এই ব্যৱস্থাৰ অধীনত বিশ্বব্যাপী বিনিময় হাৰ অনুযায়ী বাংলাদেশৰ মুদ্ৰা ‘টাকা’ৰ মূল্য ক্ৰমান্বয়ে সলনি হ’ব, যাৰ ফলত বৈদেশিক মুদ্ৰাৰ বজাৰত নমনীয়তা আৰু স্বচ্ছতা আহিব।
এপ্ৰিল মাহত ৱাশ্বিংটনত অনুষ্ঠিত হোৱা আই এম এফ আৰু বিশ্ব বেংকৰ বসন্ত বৈঠকত ৰাজহ ব্যৱস্থাপনা, মুদ্ৰানীতি, বৈদেশিক মুদ্ৰা নীতিৰ ওপৰত গুৰুতৰ আলোচনা হৈছিল। বাংলাদেশৰ বিত্ত মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে “সকলো ডাঙৰ বিষয় পৰ্যালোচনা কৰাৰ পিছত দুয়োপক্ষই ৰাজহ নীতি, মুদ্ৰা বিনিময় ব্যৱস্থা আৰু অন্যান্য সংস্কাৰৰ কাঠামোৰ ওপৰত সহমতত উপনীত হৈছে।”
আই এম এফৰ তথ্য অনুসৰি যদি কাৰ্যবাহী ব’ৰ্ডে এই কৰ্মচাৰী পৰ্যায়ৰ চুক্তিত অনুমোদন জনায় তেন্তে বাংলাদেশে ৯৮৩.৮ মিলিয়ন এছ ডি আৰ (প্ৰায় ১.৩ বিলিয়ন ডলাৰ) লাভ কৰিব। আই এম এফে ৰিপ’ৰ্ট কৰিছে যে বাংলাদেশেও ই চি এফ আৰু ই এফ এফৰ অধীনত ৫৬৭.২ মিলিয়ন এছ ডি আৰ (প্ৰায় ৭৬২ মিলিয়ন ডলাৰ) বৃদ্ধিৰ অনুৰোধ জনাইছে যাতে ক্ৰমবৰ্ধমান বাহ্যিক বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি আৰু সামষ্টিক অৰ্থনৈতিক স্থিতিশীলতাক সমৰ্থন কৰিব পাৰি।
একে সময়তে বাংলাদেশ চৰকাৰে আই এম এফৰ এটা মূল চৰ্ত মানি লৈ ৰাষ্ট্ৰীয় ৰাজহ ব’ৰ্ড (এন বি আৰ) ভংগ কৰিছে। এতিয়া বিত্ত মন্ত্ৰালয়ৰ অধীনত দুটা স্বতন্ত্ৰ ইউনিট গঠন কৰা হৈছে - এটাই কৰ নীতি চম্ভালিব আৰু আনটোৱে কৰ সংগ্ৰহ আৰু প্ৰশাসন চম্ভালিব। ইয়াৰ উপৰিও চৰকাৰে অন্যান্য উন্নয়ন অংশীদাৰৰ পৰাও ২ বিলিয়ন ডলাৰৰ বাজেট সহায় লাভ কৰাৰ আশা কৰিছে।
যি সময়ত দেশত মুদ্ৰাস্ফীতি, বৃদ্ধিৰ হাৰ লেহেমীয়া আৰু বিদেশী পেমেণ্টৰ গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বাংলাদেশে এই সকাহ পাইছে। চৰকাৰে বিত্তীয় অনুশাসন কটকটীয়া কৰাৰ লগতে বেংকিং সংস্কাৰ ৰূপায়ণ আৰু জলবায়ু বিনিয়োগ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া