টেলিকম কেলেংকাৰিঃ শাসকীয় দলৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ
কাঠমাণ্ডু, ১৫ মে’ (হি.স.)। ৩২১ কোটি টকাৰ টেলিকম কেলেংকাৰীত শাসকীয় দল নেপালী কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী মোহন বাহাদুৰ বাছনেটৰ লগতে ১৫ জনৰ বিৰুদ্ধে বিশেষ আদালতত দুৰ্নীতিৰ গোচৰ ৰুজু হৈছে। টেলিকম ট্ৰেফিক মনিটৰিং এণ্ড ফ্ৰড কণ্ট্ৰল চিষ্টেম (টেৰামক
नेपाल के पूर्व मंत्री मोहन बस्नेत


কাঠমাণ্ডু, ১৫ মে’ (হি.স.)। ৩২১ কোটি টকাৰ টেলিকম কেলেংকাৰীত শাসকীয় দল নেপালী কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী মোহন বাহাদুৰ বাছনেটৰ লগতে ১৫ জনৰ বিৰুদ্ধে বিশেষ আদালতত দুৰ্নীতিৰ গোচৰ ৰুজু হৈছে। টেলিকম ট্ৰেফিক মনিটৰিং এণ্ড ফ্ৰড কণ্ট্ৰল চিষ্টেম (টেৰামক্স) ক্ৰয় কৰাৰ সময়ত বাছনেটে যোগাযোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

বৃহস্পতিবাৰে দুৰ্নীতি বিৰোধী ব্যুৰোৱে বিশেষ আদালতত গোচৰ ৰুজু কৰে। প্রাক্তন মন্ত্রী বাছনেটৰ উপৰি আন যিসকলৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছে তেওঁলোকৰ ভিতৰত আছে নেপাল টেলিকমিউনিকেচন অথৰিটিৰ প্রাক্তন অধ্যক্ষ দিগম্বৰ ঝা আৰু পুৰুষোত্তম খানাল, প্রাক্তন সদস্য ধনৰাজ গ্যাৱালী আৰু টিকা প্রসাদ উপৰেতি৷ একেদৰে কৰ্তৃপক্ষৰ সঞ্চালক বিজয় কুমাৰ ৰায়, উপ-সঞ্চালক ৰেৱতী ৰাম পন্থী আৰু সুৰেশ বসনেট, হিৰণ্য প্ৰসাদ বস্তাকোটি আৰু অচ্যুতানন্দ মিশ্ৰকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ব্যুৰোৰ মুখপাত্ৰ ৰাজেন্দ্ৰ পৌডেলৰ মতে, পৰিচালক সুৰেন্দ্ৰ লাল হাদা, দীপেশ আচাৰ্য আৰু উপ-সঞ্চালক সন্দীপ অধিকাৰীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

কনচালটিং কোম্পানী ভানৰাইজ ছলিউচন, চিইঅ’ জামাল আনাউতি, নেপালৰ এজেণ্ট অফিচ, অধ্যক্ষ দিলীপ কুমাৰ গুৰুং আৰু পৰিচালক তেজপ্ৰসাদ খৰেলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে দুৰ্নীতি নিবাৰক ব্যুৰ’ই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande