ইউক্ৰেইনৰ সৈতে নিঃচৰ্ত আলোচনাৰ প্ৰস্তাৱ ৰাছিয়াৰ
মস্কো, ১১ মে’ (হি.স.)। বিজয় দিৱস সমাপ্ত হোৱাৰ পাছত যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স্থিতি যেন কোমল হৈ পৰিছে। দেওবাৰে তেওঁ কোনো চৰ্ত নোহোৱাকৈ ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ দি সকলোকে আচৰিত কৰি তুলিছিল। তুৰ্কীৰ ৰাজধানী ইস্ত
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ফাইল ফোটো


মস্কো, ১১ মে’ (হি.স.)। বিজয় দিৱস সমাপ্ত হোৱাৰ পাছত যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স্থিতি যেন কোমল হৈ পৰিছে। দেওবাৰে তেওঁ কোনো চৰ্ত নোহোৱাকৈ ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ দি সকলোকে আচৰিত কৰি তুলিছিল। তুৰ্কীৰ ৰাজধানী ইস্তানবুলত ইউক্ৰেইনৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি কয় পুটিনে। অৱশ্যে এই বিষয়ত ইউক্ৰেইনৰ পৰা এতিয়াও কোনো সঁহাৰি পোৱা নাই।

সংবাদ সংস্থা টিএএচএছ ৰ মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ কোনো চৰ্ত নোহোৱাকৈ পুনৰবাৰ ইউক্ৰেইনৰ সৈতে কথা পাতিবলৈ ইচ্ছুক। মস্কোৱে বাৰে বাৰে যুদ্ধবিৰতিৰ দালালি কৰাৰ চেষ্টা চলাই আহিছে। ইয়াৰ পিছতো ইউক্ৰেইনে কোনো সঁহাৰি দিয়া নাই। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ অন্তত যৌথ খচৰা প্ৰস্তুত কৰা হৈছিল বুলিও তেওঁ কয়। কিন্তু ইউক্ৰেইনে পিছত সেই খচৰাত পিছুৱাই গ’ল।

উল্লেখযোগ্য যে নাজী জাৰ্মানীৰ বিৰুদ্ধে বিজয়ৰ ৮০ বছৰ সম্পূৰ্ণ হোৱাটো বিজয় দিৱস হিচাপে উদযাপন কৰা ৰাছিয়াই ইউক্ৰেইনৰ সৈতে তিনিদিনৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল। দেওবাৰে এই যুদ্ধবিৰতিৰ অন্ত পৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande