ৱাশ্বিংটন, ১০ এপ্ৰিল (হি.স.)। মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তহব্বুৰ হুছেইন ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণৰ সফল প্ৰক্ৰিয়াৰ পিছতে আমেৰিকাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৈতে সংহতি প্ৰদৰ্শন কৰিছে। আমেৰিকাই কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকে একেলগে কাম কৰি যাব।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে বৃহস্পতিবাৰে সন্ধিয়া কয় যে, “৯ এপ্ৰিলত আমেৰিকাই তহব্বুৰ হুছেইন ৰানাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিছিল যাতে তেওঁ ২০০৮ চনত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাত লোৱা ভূমিকাৰ বাবে ন্যায়ৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত ছয়জন আমেৰিকানকে ধৰি ১৬৬ জন লোকৰ মৰ্মান্তিক মৃত্যু হৈছিল আৰু সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছিল।”
মুখপাত্ৰ ব্ৰুচে আৰু কয় যে এই আক্ৰমণৰ বাবে দায়ীসকলক যাতে ন্যায়ৰ কাঠঘৰাত থিয় হয় তাৰ বাবে ভাৰতৰ প্ৰচেষ্টাক আমেৰিকাই দীৰ্ঘদিন ধৰি সমৰ্থন কৰি আহিছে। আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে কোৱাৰ দৰে আমেৰিকা আৰু ভাৰতে বিশ্বব্যাপী সন্ত্ৰাসবাদৰ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে কাম কৰি যাব। আমাৰ আঁচনিৰ গতিশীলতাক লৈ আমি গৌৰৱান্বিত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া