গাজা চহৰ, ১৮ এপ্ৰিল (হি.স.)। গাজাত ইজৰাইলে অবিৰতভাৱে চলাই থকা আক্ৰমণৰ বাবে অস্থিৰ হৈ পৰিছে পেলেষ্টাইনী উগ্ৰ সংগঠন হামাছ। তেওঁলোকে এই চৰ্ত দাখিল কৰিছে যে ইজৰাইল বাহিনীক গাজাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা উচিত। লগতে পেলেষ্টাইনী বন্দীক মুকলি কৰি দিলে বিনিময়ত ইজৰাইলৰ বন্দীকো মুকলি কৰি দিয়া হ’ব। ইয়াৰ পিছত যুদ্ধৰো অন্ত পৰিব। অৱশ্যে হামাছৰ এই নতুন প্ৰস্তাৱক লৈ ইজৰাইলৰ পৰা কোনো সঁহাৰি পোৱা নাই।
হামাছৰ জ্যেষ্ঠ বিষয়া খলিল আল হায়াই বৃহস্পতিবাৰে নিশা টেলিভিছনত কয় যে তেওঁলোকে এই প্ৰস্তাৱ আগবঢ়াইছে। যদি এই কথাত সহমত হয়, তেন্তে গাজাত ডেৰ বছৰতকৈও অধিক সময় ধৰি চলি থকা সংঘাতৰ অন্ত পেলাব পৰা যাব। অৱশ্যে হামাছে এই কথাও স্পষ্ট কৰি দিছে যে হামাছে অস্ত্ৰ-শস্ত্ৰ এৰিব লাগিব বুলি ইজৰাইলৰ দাবী মানি লোৱা নহ’ব।
উল্লেখযোগ্য যে শেহতীয়াকৈ ইজৰাইলে ৪৫ দিনৰ বাবে অস্থায়ী যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল। ইয়াত নিৰ্ধাৰণ কৰা হৈছিল যে হামাছে নিজৰ অস্ত্ৰ সম্পূৰ্ণৰূপে সমৰ্পণ কৰিব লাগিব। এই কথা নাকচ কৰিলে হামাছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া