ৱাশ্বিংটন, ১৮ এপ্ৰিল (হি.স.)। খালিস্তান সমৰ্থক সন্দেহযুক্ত সন্ত্ৰাসবাদী আৰু গেংষ্টাৰ হেপি পাছিয়াক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। পাছিয়াৰ বিৰুদ্ধে ভাৰতৰ পঞ্জাৱৰ লগতে চণ্ডীগড়তো কেইবাটাও আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ আছে। ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে তেওঁক জিম্মাত লৈছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে ৫ লাখ টকাৰ পুৰস্কাৰ আৰোপ কৰিছিল।
লোকজনক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰী সংস্থাসমূহে জানিব পাৰিছে যে পাছিয়াই পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত ভাৰতত সন্ত্ৰাসবাদী কাণ্ড সংঘটিত কৰিছিল। এছ’চিয়েটেড প্ৰেছৰ তথ্য অনুসৰি তেওঁ পাকিস্তানত আত্মগোপন কৰি থকা খালিস্তানী সন্ত্ৰাসবাদী হৰিবিন্দৰ সিং ৰিণ্ডাৰ বাবেও কাম কৰিছিল। ইয়াৰ লক্ষ্য আছিল পঞ্জাৱৰ জলন্ধাৰৰ এজন প্ৰাক্তন আৰক্ষী অধীক্ষক আৰু তেওঁৰ পৰিয়াল। শীঘ্ৰে তেওঁক ভাৰতলৈ অনা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া