পাকিস্তানত অবৈধভাৱে বাস কৰা ১৬৩৬ জন আফগান নাগৰিক বিতাড়িত
ইছলামাবাদ, ০৭ এপ্ৰিল (হি.স.)। পাকিস্তানত অবৈধভাৱে বসবাস কৰা আফগান নাগৰিকক উভতাই পঠোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা হৈছে। লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত বসবাস কৰা এনে লোকক চিনাক্ত কৰা হৈছে। দেওবাৰে পঞ্জাৱ আৰু সিন্ধৰ পৰা ১৬৩৬ জন আফগান নাগৰিকক ঘূৰাই পঠোৱা
पाकिस्तान से 1,600 से अधिक अफगान नागरिकों को निर्वासित किया गया है। 5,000 से अधिक लोगों को सीमा पार भेजे जाने से पहले जांच के लिए बार्डर पर रोका गया है।


ইছলামাবাদ, ০৭ এপ্ৰিল (হি.স.)। পাকিস্তানত অবৈধভাৱে বসবাস কৰা আফগান নাগৰিকক উভতাই পঠোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা হৈছে। লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত বসবাস কৰা এনে লোকক চিনাক্ত কৰা হৈছে। দেওবাৰে পঞ্জাৱ আৰু সিন্ধৰ পৰা ১৬৩৬ জন আফগান নাগৰিকক ঘূৰাই পঠোৱা হয়। পঞ্জাৱৰ আন ৫,১১১ জন আফগান নাগৰিকক প্ৰত্যাৱৰ্তনৰ বাবে ট্ৰেনজিট কেম্প বা হোল্ডিং চেণ্টাৰলৈ লৈ যোৱা হৈছে। ইয়াৰ ভিতৰত আছে ২৩০১ গৰাকী শিশু আৰু ১১২০ গৰাকী মহিলা।

এজন বিষয়াই এই তথ্য পাকিস্তানৰ ডন কাকতক দিছিল। বিষয়াগৰাকীয়ে কয় যে সমগ্ৰ প্ৰদেশখনত নিৰাপত্তা সংস্থাসমূহে ১৫০টাতকৈও অধিক আফগান উপনিবেশ চিনাক্ত কৰিছে। এইবোৰত এক লাখতকৈ অধিক আফগান নাগৰিকে বাস কৰি আছে। বিষয়াগৰাকীয়ে কয় যে তেওঁলোকৰ ভিতৰত যিসকলৰ বৈধ নথি-পত্ৰ আছে তেওঁলোকক বিতাড়িত কৰা নহ’ব।

পঞ্জাৱ আৰক্ষীৰ অতিৰিক্ত আই জি ৱাকাছ নাজিৰে কয় যে, ফেডাৰেল চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। দেওবাৰে ১৩৩৬ জন আফগান নাগৰিকক ৪৬টা হোল্ডিং চেণ্টাৰলৈ স্থানান্তৰ কৰা হয়। নিৰ্দিষ্ট বাছেৰে লাণ্ডী কোটাললৈ লৈ যোৱা হয়। তাত তেওঁক স্থানীয় প্ৰশাসনৰ হাতত গতাই দিয়া হয় আৰু তাৰ পিছত সেইদিনা আফগানিস্তানলৈ প্ৰেৰণ কৰা হয়। তেওঁ লগতে কয় যে আৰক্ষীয়ে আন ৫,১১১ জন আফগানক ট্ৰেনজিট কেম্প বা হোল্ডিং চেণ্টাৰলৈ লৈ যায়। লগতে তেওঁলোকক বিতাড়িত কৰা হ’ব।

হাছানাবদাল হোল্ডিং চেণ্টাৰৰ বহু আফগান নাগৰিকে হঠাতে বিতাড়নৰ নিৰ্দেশ কাৰ্যকৰী হোৱাত অসন্তুষ্টি প্ৰকাশ কৰে। এই লোকসকলে ক’লে যে তেওঁলোকে নিজৰ সকলো সামগ্ৰী পেলনীয়া দামত বিক্ৰী কৰি খৰখেদাকৈ ব্যৱসায় শেষ কৰি পেলালে। ইয়াৰ বাবে তেওঁৰ লাখ লাখ টকা লোকচান হয়।

ঝেলুমৰ ডিপিঅ’ তাৰিক আজিজে কয় যে ঝেলুম আৰু পিণ্ড দাদান খানৰ ট্ৰেনজিট কেম্পৰ পৰা দুখন বাছত ১৫৭ জন আফগান লোক উঠাইছিল। টৰখাম সীমান্তলৈ পঠোৱাৰ পূৰ্বে তেওঁলোকক খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছিল।

ৰাৱালপিণ্ডিৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে আইন প্ৰয়োগকাৰী সংস্থাই ১৪০ গৰাকী মহিলা আৰু ১৬৪ গৰাকী শিশুকে ধৰি ৭৩৬ জন আফগান নাগৰিকক আটক কৰি গোলৰা মৰ্হৰ ওচৰৰ আফগান শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰিত কৰে। ইয়াৰে ১৭৯ জনক আফগানিস্তানলৈ ঘূৰাই পঠিওৱা হয়। হৃদযন্ত্ৰৰ বিষৰ অভিযোগ কৰা এগৰাকী মহিলাক ৰাৱালপিণ্ডি ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজিলৈ প্ৰেৰণ কৰা হয়। মুৰীতো ১৩ জন আফগানক আটক কৰি গোলৰা মৰৰ ওচৰৰ শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা হয়।

ইফালে, বিষয়াসকলে জনোৱা মতে, কৰাচীৰ পৰা ৩০০ৰো অধিক আফগানক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। সিন্ধৰ জ্যেষ্ঠ মন্ত্ৰী শ্বাৰ্জিল ইনাম মেমনে কয় যে বিতাড়িত হোৱা লোকসকলৰ ভিতৰত আছে ৭৯টা শিশু, ৩৭গৰাকী মহিলা আৰু ১৯১গৰাকী পুৰুষ। এই লোকসকলক দেশত অবৈধ বাসস্থানৰ বাবে বিতাড়িত কৰা হৈছিল। ডি আই জি (দক্ষিণ) চৈয়দ আছাদ ৰাজাই কয় যে ১ এপ্ৰিলৰ পৰা ৬ এপ্ৰিলৰ ভিতৰত কৰাচীৰ বিভিন্ন প্ৰান্তৰ পৰা ৪০৯ জন আফগান নাগৰিকত্ব কাৰ্ডধাৰীক চুলতানবাদৰ আমিন হাউছ নামৰ এটা হোল্ডিং পইণ্টলৈ অনা হৈছিল। ইয়াৰে ১০২ জনক পিঅ'আৰ (Proof of Registration)ৰ দৰে বৈধ নথি-পত্ৰ থকাৰ বাবে নিজ নিজ থানালৈ ঘূৰাই পঠিওৱা হয়। শনিবাৰে নিশা আইন প্ৰয়োগকাৰী বিষয়াৰ সৈতে মুঠ ৩০৭ জন আফগান নাগৰিক কাৰ্ডধাৰীয়ে আফগানিস্তানলৈ ৰাওনা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande