গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। মে’ মাহৰ ২ আৰু ৭ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ দলৰ ঘোষণা-পত্ৰৰ বিষয়ে আলোচনা কৰিবৰ বাবে ৫ মাৰ্চৰ নিশা দলৰ ৰাজ্যিক সভাপতি, সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংকল্প সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা সংকল্প-পত্ৰ উপ সমিতিৰ আহ্বায়ক ৰণজিৎ কুমাৰ দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতৃবৰ্গই অংশগ্ৰহণ কৰে৷ এই সভাত অনাগত সময়ত ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীণ উন্নয়ন সাধনৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ পৰিকল্পনা যুগুত কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প-পত্ৰৰ বাবে ৰাইজৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হয়৷
জনসাধাৰণে ই-মেইল, হোৱাটছ-এপ নাইবা লিখিতভাৱে ৰাজ্যিক বিজেপিৰ সংকল্প-পত্ৰৰ বাবে নিজৰ দিহা-পৰামৰ্শ পোনপটীয়াকৈ প্ৰেৰণ কৰিবলৈ সভাপতি, সাংসদ৷ সভাপতি শইকীয়াই অনুৰোধ জনাইছে৷ জনসাধাৰণে ই-মেইল আইডি panchayatsankalpapatraঞ্ঝgmail.com, হোৱাটছ-এপ নম্বৰ ৯১০১৬-৬৪৫৯৩ আৰু গুৱাহাটী মহানগৰীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ ডাকযোগে লিখিত দিহা-পৰামৰ্শ অহা ১০ এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰিবৰ বাবে ৰাজ্যিক সভাপতি শইকীয়াই আহ্বান জনাইছে৷ ক্ষমতাৰ ব্যাপক বিকেন্দ্ৰীকৰণৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ জনসাধাৰণক পঞ্চায়তী ব্যৱস্থাৰ লগত প্ৰত্যক্ষভাৱে জড়িত কৰোৱাৰ উদ্দেশ্যেৰে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী