কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ সমস্যা ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাধানৰ দাবী কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ
বাক্সা, ০৬ এপ্ৰিল (হি.স.)। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাধানৰ দাবী তুলিছে বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনে। নিমুৱাত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনে আজি এক সংবাদমেল যোগে এই দাবী জনায়। সংবাদমেলত আক্
কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ সমস্যা ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাধানৰ দাবী কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ


বাক্সা, ০৬ এপ্ৰিল (হি.স.)। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাধানৰ দাবী তুলিছে বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনে। নিমুৱাত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনে আজি এক সংবাদমেল যোগে এই দাবী জনায়। সংবাদমেলত আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক কপিল দেৱ সিংহই উপস্থিত থাকি কোচৰাজবংশী সকলৰ ডি ভোটাৰ প্ৰত্যাহাৰক ধন্যবাদ মুখ্যমন্ত্ৰীক। তেওঁ কয় যে, কেইবাবাৰো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত এনেদৰে কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আমি আনন্দিত হৈছো।

কিছুমানৰ ষড়যন্ত্ৰৰ বলি হৈ কোচ ৰাজবংশী সকল ডি ভোটাৰ হৈ আছিলে। কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ সমস্যাও ২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে সমাধান হব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে কোচ ৰাজবংশী ৰাইজ কিন্তু বহি নাথাকিব। আমি আশাবাদী মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি সোনকালে পূৰণ কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande