পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু আম আদমী পাৰ্টি
বৰপেটা, ০৪ এপ্ৰিল (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমী পাৰ্টি। ৰাজ্যত প্ৰথমবাৰৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব আম আদমী পাৰ্টি। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে কংগ্ৰেছ, বিজেপি, অগপ, এ আই ইউ এফৰ লগতে আম আদমী পাৰ্টিৰ বৰপেটা জিলা সমিতিয়েও টঙালি
পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু আম আদমী পাৰ্টি।


বৰপেটা, ০৪ এপ্ৰিল (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমী পাৰ্টি। ৰাজ্যত প্ৰথমবাৰৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব আম আদমী পাৰ্টি। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে কংগ্ৰেছ, বিজেপি, অগপ, এ আই ইউ এফৰ লগতে আম আদমী পাৰ্টিৰ বৰপেটা জিলা সমিতিয়েও টঙালি বান্ধিছে। যি কোনো প্ৰকাৰে পঞ্চায়ত দখলৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে দলটোৱে ।

দূৰ্নীতিমুক্ত পঞ্চায়ত গঠনক মুল মন্ত্ৰ হিচাপে লৈ আগবঢ়াৰ সংকল্প লৈছে আপ দলটোৱে। জিলাখনত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তকে ধৰি গাওঁ পঞ্চায়তত অবাধ দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি আম আদমী পাৰ্টিৰ নেতৃত্বই কয়-

দূৰ্নীতিৰ বিৰুদ্ধে যুঁজাইআম আদমী পাৰ্টিৰ কাম। দূৰ্নীতি নিৰ্মূলকৰণৰ লক্ষ্য লৈছে আপ দলে। যাৰ বাবে

জিলাখনৰ প্ৰতিটো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দিতা আগবঢ়াব আম আদমী পাৰ্টিয়ে।

আপৰ ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক মহি উদ্দিন আৰু বৰপেটাৰ তত্বাৱধায়ক জছিম খানে যোৱাকালি বৃহস্পতিবাৰে সন্ধ্যা এক সংবাদমেল যোগে এই কথা জনায় ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande