চাপৰ সন্তোষপুৰ, চৰুৱাবাখৰা, দুধনাথ গাঁৱত উচ্ছেদৰ যো জা
চাপৰ সন্তোষপুৰ, চৰুৱাবাখৰা, দুধনাথ গাঁওত উচ্ছেদৰ বাবে চলাইছে যো জা।
চাপৰ সন্তোষপুৰ, চৰুৱাবাখৰা, দুধনাথ গাঁৱত উচ্ছেদৰ যো জা


ধুবুৰী, ১০ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চৰুৱাবাখৰা, দুধনাথ গাঁৱত প্ৰায় তিনি হাজাৰৰ পৰা চাৰি হাজাৰ বিঘা মাটি উচ্ছেদ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে সন্তোষপুৰ গাঁৱত সীমা নিৰ্ধাৰিত কৰিছে। এনে ধৰণৰ সীমা নিৰ্ধাৰিত কৰাক লৈ ৰাইজ আতংকিত হৈ পৰিছে।

ৰাইজৰ হৈ টিলাপাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ ইউনুছ আলী সেখে ৰিৰোধী দলৰ বিধায়ক, সাংসদ, বিভিন্ন দল সংগঠন আদি উক্ত ঠাইত আহি ৰাইজৰ খা-খৱৰ লোৱাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি কাতৰ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande