ধুবুৰী, ১৮ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত বন বিভাগে ৰাস্তাৰ কাষতে থকা গছত সমূহত গজাল লগাই বেনাৰ আৰু পোষ্টাৰ বিচাৰি অভিযান আৰম্ভ কৰিছে। দীৰ্ঘ দিন ধৰি গৌৰীপুৰৰ বিভিন্ন অঞ্চলত থকা গছ সমূহত নিজৰ স্বাৰ্থৰ বাবে নিৰ্বাচনী বেনাৰ, শিক্ষা প্ৰতিষ্ঠান, চিকিৎসায়, ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বেনাৰ আৰু পোষ্টাৰ সমূহ গছত গজাল লগাই গছত ওলমাই ৰখা কাৰ্য্যক প্ৰকৃতি প্ৰেমী ৰাইজ আৰু দল সংগঠনে বাধা প্ৰদান কৰাৰ পিছতো বন্ধ হোৱা নাছিল। পৰৱৰ্তী সময়ত বাতৰি পৰিৱেশন হোৱাৰ পিছতে ধুবুৰী বন বিভাগ সক্ৰিয় হৈ পৰে।
বেনাৰ আৰু পোষ্টাৰ সমূহ গছৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰিলে অভিযান। গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বহু কেইখন পোষ্টাৰ আঁতৰাই দিয়ে। গোটেই ধুবুৰী জিলাত বন বিভাগে অভিযান চলাই থাকিব বুলি জনাই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ