গোৰেশ্বৰত নেমছু'ৰ কাৰ্যকৰী সদস্যক দুৰ্বিত্তৰ আক্ৰমণ, অপহৰণ আৰু হত্যাৰ অপচেষ্টাৰ অভিযোগ
বাক্সা, ১৯ এপ্ৰিল (হি.স.)। গোৰেশ্বৰত নেমছু'ৰ কাৰ্যকৰী সদস্যক আক্ৰমণ, অপহৰণ আৰু হত্যাৰ অপচেষ্টাৰ অভিযোগ। গোৰেশ্বৰ থানাত গোচৰ ৰুজু ভূক্তভোগী সূৰুজ আলীৰ। অভিযোগ অনুসৰি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু'ৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যন
গোৰেশ্বৰত নেমছু'ৰ কাৰ্যকৰী সদস্যক দুৰ্বিত্তৰ আক্ৰমণ, অপহৰণ আৰু হত্যাৰ অপচেষ্টাৰ অভিযোগ


বাক্সা, ১৯ এপ্ৰিল (হি.স.)। গোৰেশ্বৰত নেমছু'ৰ কাৰ্যকৰী সদস্যক আক্ৰমণ, অপহৰণ আৰু হত্যাৰ অপচেষ্টাৰ অভিযোগ। গোৰেশ্বৰ থানাত গোচৰ ৰুজু ভূক্তভোগী সূৰুজ আলীৰ।

অভিযোগ অনুসৰি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু'ৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সূৰুজ আলীক গোৰেশ্বৰ থানাৰ অন্তৰ্গত মৰমী চ'কত বৃহস্পতিবাৰে সন্ধিয়া এটা দূৰ্বিত্তৰ দলে আক্ৰমণ কৰি অপহৰণ আৰু হত্যাৰ অপচেষ্টা কৰে। গোৰেশ্বৰৰ ২নং ৰৌমাৰীৰ বাসিন্দা সূৰুয আলীয়ে সাংগঠনিক কামত যাওতে এখন কলা ৰঙৰ নম্বৰপ্লেট বিহীন স্কৰপিঅত অহা দুৰ্বিত্তৰ দলটোৱে মাৰপিট কৰি বলপূৰ্বক গাড়ীত উঠাই নিয়াৰ চেষ্টা কৰে। কিন্তু সূৰজ আলীয়ে চিঞৰ বাখৰ কৰাত দূৰ্বিত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা গাড়ীত উঠি পলায়ন কৰে।

দুৰ্বিত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত সূৰুজ আলীক পিছত গোৰেশ্বৰ থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি গোৰেশ্বৰৰ ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসক নথকাত কাউৰবাহা চিকিৎসালয়ত ভৰ্তি কৰে। তাত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে সূৰয আলীক নলবাৰীলৈ স্থানান্তৰ কৰা হয়। ঘটনাৰ সৈতে জড়িত দুই আক্ৰমণকাৰী ক্ৰমে হাফিজুল ইছলাম আৰু ফাইজুল আলী বুলি চিনাক্ত কৰি সূৰুয আলীয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে । আক্ৰমণকাৰী দলটোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগত শাস্তি দিবলৈ সূৰুয আলীয়ে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande