গৌৰীপুৰত ধুবুৰী বিজেপিৰ জিলা সভাপতিৰ গাড়ীত আক্ৰমণ দুস্কৃতিকাৰিৰ
ধুবুৰী, ১৯ এপ্ৰিল (হি.স.)। গৌৰীপুৰৰ চিখাইটাৰিত নিশা ধুবুৰী বিজেপিৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ গাড়ীত আক্ৰমণ। গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ লগতে বাইক লৈ খেদি আহে সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক। মটেৰঝাৰৰ পৰা গৌৰীপুৰ গৈ থকা অৱস্থাতেই পথত ৰাষ্ট্ৰীয় ঘাই পথৰ
গৌৰীপুৰত ধুবুৰী বিজেপিৰ জিলা সভাপতিৰ গাড়ীত আক্ৰমণ দুস্কৃতিকাৰিৰ


ধুবুৰী, ১৯ এপ্ৰিল (হি.স.)। গৌৰীপুৰৰ চিখাইটাৰিত নিশা ধুবুৰী বিজেপিৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ গাড়ীত আক্ৰমণ। গাড়ীত শিলগুটি নিক্ষেপ কৰাৰ লগতে বাইক লৈ খেদি আহে সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক। মটেৰঝাৰৰ পৰা গৌৰীপুৰ গৈ থকা অৱস্থাতেই পথত ৰাষ্ট্ৰীয় ঘাই পথৰ চিখাইটাৰিত ধুবুৰী বিজেপি সভাপতিৰ বাহনে এটা ভেড়াক খুন্দিয়াৰ ফলত একাংশ দুস্কৃতিকাৰিয়ে সভাপতি গৰাকীৰ বাহনত শিল গুটি নিক্ষেপ কৰাৰ লগতে ১০-১২ জনীয়া এটি দলে মটৰ চাইকেলেৰে খেদি অহাত ততাতৈয়াকৈ গৌৰীপুৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে।

এজাহাৰ ভিক্তিত গৌৰীপুৰ আৰক্ষীয়ে দুজনক আটক কৰে। আটক হোৱা দুজনৰ নাম আশিক ইকবাল, ঘৰ গৌৰীপুৰৰ বানীয়ামাৰীত ,আনজন আনোৱাৰ আলী ঘৰ গোলকগঞ্জৰ দেবত্তৰ হাসদহত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande