মণিপুৰত গ্ৰেপ্তাৰ দুই কেৱাইকেএল বিদ্ৰোহী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ
থৌবাল/চুৰাচান্দপুৰ (মণিপুৰ), ১৮ এপ্ৰিল (হি.স.)। মণিপুৰত নিৰাপত্তা বাহিনীয়ে থৌবাল জিলাৰ ঘাইপথ- ১০২ৰ ৱাংজিং খাবাখং এলেকাৰ পৰা কেৱাইকেএল (কাংলি ইয়াৱাল কান্না লুপ), মুটুম ৰঞ্জন মেইটি ওৰফে লামজিংবা (২১) আৰু নাগছেপাম বাৰ্লিন সিং ওৰফে কাংগলেই (২৩)ৰ দুজন ব
মণিপুৰত গ্ৰেপ্তাৰ দুই কেৱাইকেএল বিদ্ৰোহী


মণিপুৰত গ্ৰেপ্তাৰ দুই দুষ্কৃতিকাৰী


থৌবাল/চুৰাচান্দপুৰ (মণিপুৰ), ১৮ এপ্ৰিল (হি.স.)। মণিপুৰত নিৰাপত্তা বাহিনীয়ে থৌবাল জিলাৰ ঘাইপথ- ১০২ৰ ৱাংজিং খাবাখং এলেকাৰ পৰা কেৱাইকেএল (কাংলি ইয়াৱাল কান্না লুপ), মুটুম ৰঞ্জন মেইটি ওৰফে লামজিংবা (২১) আৰু নাগছেপাম বাৰ্লিন সিং ওৰফে কাংগলেই (২৩)ৰ দুজন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা এটা ৩৬ এইচ ই হেণ্ড গ্ৰেনেড, এটা চাইনিজ হেণ্ড গ্ৰেনেড, দুটা মোবাইল ফোন, দুটা কিপেড মোবাইল, এটা নীলা পাৰ্চ, এটা স্লিং বেগ, এটা আধাৰ কাৰ্ড, এটা পেন কাৰ্ড আৰু এখন দুচকীয়া বাহন উদ্ধাৰ কৰে।

আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে ভাইৰেল ভিডিঅ’ গোচৰত চিনছনলুন (৩০) আৰু লামছুৱানলাল টম্বিং (২৯) নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ভিডিঅ’টোত চুৰাচান্দপুৰ থানা এলেকাৰ কোনোবা অচিনাকি ঠাইত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জোকাৰি থকা দেখা গৈছে অচিনাকি দুষ্কৃতিকাৰীয়ে। দুয়োটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande