কোকৰাঝাৰৰ নৱজ্যোতি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ ব্যাপক প্ৰস্তুতি
কোকৰাঝাৰ, ১৯ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ হাউৰীয়াপেটস্থিত নৱজ্যোতি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ ব্যাপক প্ৰস্তুতি । ১৯ আৰু ২০ এপ্ৰিল তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ । অহা কালি ২০ এপ্ৰিল
কোকৰাঝাৰৰ নৱজ্যোতি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ ব্যাপক প্ৰস্তুতি


কোকৰাঝাৰ, ১৯ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ হাউৰীয়াপেটস্থিত নৱজ্যোতি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ ব্যাপক প্ৰস্তুতি । ১৯ আৰু ২০ এপ্ৰিল তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ । অহা কালি ২০ এপ্ৰিলৰ অনুষ্ঠানৰ মুকুলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ।

১৯৭৮ চনতে স্থাপন কৰা চৰকাৰী বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অভিজ্ঞতাপূৰ্ণ লিখনিৰ ভৰা নষ্টালজিয়া নামৰ আলোচনী মুখ্য অতিথিৰ জৰিয়তে উন্মোচন কৰিব । বিদ্যালয় খনৰ পৰা কেইবাবাৰো মেট্ৰিকত স্থান পাবলৈ সক্ষম হৈছে বিভিন্ন স্থানত কৰ্মৰত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে। অঞ্চলটোৰ শৈক্ষিক অৰ্থ-সামাজিক দিশত উন্নত কৰাৰ ক্ষেত্ৰত এখন বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব । সৰ্ব পৰ্যায়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক অনুষ্ঠানত উপস্থিত থকাৰ বাবে আয়োজক সমিতিয়ে আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande