ধুবুৰী, ১৯ এপ্ৰিল (হি.স.)। পশ্চিমবংগৰ চৰকাৰৰ বিৰুদ্ধে ধুবুৰীত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ। পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসনৰ দাবী প্ৰতিবাদকাৰী সকলৰ ৷
পশ্চিমবংগত ৱাকফ ৰ বিৰুদ্ধে প্ৰতিবাদৰ গইনা লৈ হিন্দুৰ ওপৰত চলা অত্যাচাৰ, হত্যা, বলৎকাৰৰ বিৰুদ্ধে আজি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিশ্ব হিন্দু পৰিষদৰ কাৰ্য্যকৰ্তা সকলে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
পশ্চিমবংগত অতি সোনকালে ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপিত কৰি জিলা আয়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰদান কৰে। পশ্চিমবংগত হিন্দু সনাতনী সকলক ৰক্ষণাবেক্ষণ দিয়াত সম্পূৰ্ণৰপে ব্যৰ্থ হৈছে পশ্চিমবংগ চৰকাৰ। আৰু যাৰ বাবেই হিন্দু সকলক সুৰক্ষা প্ৰদানৰ বাবে ৰাষ্ট্ৰপতি শাসন পশ্চিমবংগত অতিকৈ জৰুৰী হৈ পৰিছে বুলি দাবী উত্থাপিত কৰে প্ৰতিবাদী সকলে l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু