মৰিগাঁও আৰক্ষীৰ অভিযানত দুজনকৈ কুখ্য়াত ডকাইত আটক
মৰিগাঁও, ১৯ এপ্ৰিল (হি.স.)। মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা, দুজনকৈ কুখ্যাত ডকাইত আটক। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে যোৱাকালি মৈৰাবাৰী বজাৰ এলেকাত চলোৱা এক অভিযানত দুজনকৈ কুখ্যাত ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ডকাইত দুটাক ক্ৰমে- বাক্সা জিলাৰ গোবৰ্ধনা
মৰিগাঁও আৰক্ষীৰ অভিযানত দুজনকৈ কুখ্য়াত ডকাইত আটক


মৰিগাঁও, ১৯ এপ্ৰিল (হি.স.)। মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা, দুজনকৈ কুখ্যাত ডকাইত আটক। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে যোৱাকালি মৈৰাবাৰী বজাৰ এলেকাত চলোৱা এক অভিযানত দুজনকৈ কুখ্যাত ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ডকাইত দুটাক ক্ৰমে- বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বেন্নীবাৰীৰ দিলীপ বিশ্বাস আৰু বজালী জিলাৰ বাটোৱা গাঁৱৰ ছহৰ উদ্দীন বুলি চিনাক্ত কৰা হৈছে।

দুয়োৰে পৰা আৰক্ষীয়ে এএছ ১৪ এল ৩৮২৩ নম্বৰৰ বাজাজ পালচাৰ ২২০ বাইক, দুটা মোবাইল ফোন, চুৰি-ডকাইতি কাণ্ডত ব্যৱহৃত সন্দেহজনক সামগ্ৰীও জব্দ কৰে। উল্লেখ যে দিলীপ বিশ্বাস নামৰ লোকজনক আৰক্ষীয়ে পূৰ্বতে ভৰিত গুলি কৰিছিল বুলি জানিব পৰা গৈছে। দুয়োৰে বিৰুদ্ধে অসমৰ বিভিন্ন থানাত পৃথকে পৃথকে ১৮ টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande