গৰৈমাৰীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
গৰৈমাৰীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি।
গৰৈমাৰীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি


কামৰূপ, ১০ এপ্ৰিল (হি.স.): আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৃণমূল কংগ্ৰেছে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী কুচ- কাৱাজ। ২৭ নং ছমৰীয়া সমষ্টি খন দখল কৰাৰ চেষ্টাৰে প্ৰচাৰ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে যোৱাকালি বুধবাৰে বিয়লি গৰৈমাৰীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰে।

তৃণমূল কংগ্ৰেছৰ কৰ্মী নজমূল হকে আঁত ধৰা সভাত পূৱ ছমৰীয়া, গৰৈমাৰী, ছমৰীয়া হাতীশলা, বাতাহিদিয়া, জোৰশিমূলী আদি অঞ্চলৰ পৰা প্ৰায় শতাধিক কৰ্মী উপস্থিত হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থী জয়ী কৰাবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে দুলু আহমেদে। আজিৰ সভাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ উপ সভাপতি দুলু আহমেদ, দক্ষিণ কামৰূপ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী লাবন্য বড়ো ,অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক সিসিৰ কলিতা উপস্থিত হৈ কাৰ্যালয় ফিটাকাটি উদ্বোধন কৰে। উক্ত কাৰ্যালয়ত নিৰ্বাচনী কমিটি গঠন কৰাৰ লগতে নতুনকৈ বহুসংখ্যক লোকে যোগদান কৰে।আগন্তুক পঞ্চায়ত নিৰ্বাচনত ২৭ নম্বৰ ছমৰীয়া বিধান সভা সমষ্টিৰ ২২খন পঞ্চায়ত ৪খন জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত প্ৰতিদন্ধিতা আগবঢ়াবলৈ কঁকালত টঙালি বান্ধিছে বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande