ধুবুৰী, ১৮ এপ্ৰিল (হি.স.): ৰাজ্যৰ চৌদিশে বিহুৰ উৎসৱ। বিহুৰ সমান্তৰালকৈ নামনি অসমৰ গৌৰীপুৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া বেষমা উদযাপন কৰা হয়।
বৃহত্তৰ গৌৰীপুৰ বেষমা উদযাপন সমিতিৰ উদ্যগত আয়োজন কৰা মহাৰাজ নৰনাৰায়ণ ছুপাৰ মাৰ্কেট খেল পথাৰত বেষমা উদসৱত একে খন মঞ্চতে ৫০০ জনী নাচনীৰ গোৱালনী নৃত্য পৰিৱেশন কৰে। ৰাজবংশী সাজ পৰিধান কৰি নৃত্য পৰিৱেশন কৰে ৫০০ নাচনীয়ে ।ধুবুৰীত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰে এই পদক্ষেপ।পৰৱৰ্তী সময়ত গোৱালনী নৃত্যক বিশ্ব অভিলেখ গঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উদ্যেক্তাসকলে ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ