গোলাঘাটত অনুষ্ঠিত বিহু আখৰাৰ সফল সামৰণি
গোলাঘাটত অনুষ্ঠিত হোৱা বিহু আখৰাৰ সফল সামৰণি অনুষ্ঠান।
গোলাঘাটত অনুষ্ঠিত বিহু আখৰাৰ সফল সামৰণি


গোলাঘাট, ১০ এপ্ৰিল (হি.স.): ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। অসমৰ প্ৰত্যেকজন চহা অসমীয়া ৰাইজৰ মাজত দেখা গৈছে এতিয়া উল্লাস উদ্দিপনা।তাৰো ব্যতিক্ৰম নহয় গোলাঘাটত, ৰঙালীক আদৰিবলৈ সকলো ফালৰে পৰা ব্যস্ত হৈ পৰিছে অসমীয়া চহা ৰাইজ। গোলাঘাটৰ গাঁৱে ভুঁঞে ,নগৰে চহৰে এতিয়া মুখৰিত হৈ পৰিছে ঢোলৰ গোমগোমণি, বিহু নামৰ সুৰেৰে। গোলাঘাটৰ অন্যতম এক সাংস্কৃতিক গোষ্ঠী অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু ৪এইচ ক্লাবৰ সহযোগত গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা বিহু নৃত্য আৰু ঢোলৰ প্ৰশিক্ষণৰ কালি সন্ধিয়া সফল সামৰণি পৰে।

এই আখৰাত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিহু নৃত্যক শুদ্ধ ৰূপত আয়ত্ব কৰাৰ লগতে আগবঢ়ায় লৈ যোৱাৰ প্ৰচেষ্টাৰে এনে কাৰ্য গ্ৰহণ কৰে অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠানটিয়ে। বিহু নৃত্যৰ প্ৰশিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে বিহুৱতী শতাব্দী কলিতাই। এই সফল সামৰণি অনুষ্ঠানটি গোলাঘাটৰ ভালে কেইজন গণ্য মান্য ব্যক্তিয়ে উপস্থিত থকাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ বিহু নৃত্য আৰু ঢোল বাদন উপভোগ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande