ওৰাং, ১০ এপ্ৰিল (হি.স.)। পদুলি মুখ আহি পালেহি হেঁপাহৰ ৰঙালী ৷ ৰঙালীক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্য। পিছ পৰি ৰোৱা নাই বিটিআৰৰ বড়ো জনজাতিৰ লোক সকলো। বড়ো জনজাতিৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ বাবে আখৰাত ব্যস্ত হৈ পৰিছে ওৰাঙৰ বড়ো জনজাতীয় যুৱক-যুৱতী সকল।
খাম, চিফুং, চেৰজাৰ শব্দত মুখৰিত হৈছে সমগ্ৰ ওৰাং অঞ্চল। নিখিল বড়ো ছাত্র সন্থাৰ ওৰাং আঞ্চলিক সমিতিৰ উদ্যোগত ১০ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে কৰ্মশালাৰ। কৰ্মশালাত অংশগ্রহণ অঞ্চলটোৰ প্রায় শতাধিক বড়ো জনজাতীয় যুৱক-যুৱতীৰ। ওৰাং বড়ো সাহিত্য সভা ভৱনৰ প্ৰাংঙ্গনত ১০ দিনীয়াকৈ বাগুৰুম্বাৰ লগতে বিভিন্ন বড়ো নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে যুৱক-যুৱতীসকলক।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা