চিৰাং, ০৪ এপ্ৰিল (হি.স.)। চোৰাং তেল চুৰি চক্ৰৰ বিৰুদ্ধে কাজলগাঁও থানাৰ আৰক্ষীৰ অভিযান অব্যাহত ৷ আজি কাজলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বেংতল গেটত আৰক্ষীৰ নিয়মিত নাকা তালাচীৰ সময়ত এখন বিলাসী বাহনত কঢ়িয়াই অনা ৬৫০ লিটাৰ চোৰাং তেল জব্দ কৰে ৷
চুবুৰীয়া ৰাষ্ট্ৰ ভুটান সীমান্তৰ দাদগিৰিৰ পৰা এএছ ০১ বিএইছ ০৭৭৭ নম্বৰৰ মহিন্দ্ৰা জাইলো বাহনেৰে চোৰাং তেলখিনি বঙাইগাঁও অভিমুখে লৈ যোৱাৰ সময়তে আৰক্ষীয়ে ১৩ টাকৈ প্লাষ্টিকৰ ড্ৰামত বাহন খন জব্দ কৰে । আৰক্ষীয়ে বাহন খনৰ চালক জনক আটক কৰে । আটকাধীন চালকজনৰ নাম আজিবুৰ ৰহমান ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা