গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। হেঁপাহৰ ৰঙালী বিহু সমাগত। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। খুমটাইৰ ডেকা দোলাকাষৰীয়াত ৬০ উৰ্ধৰ ব্যক্তিয়ে এজোপা বৰগছৰ তলত কৰিছে আখৰা ৷
পৌৰাণিক বিহু নাম আৰু পৌৰাণিক ঢোলৰ চাপৰ জীয়াই ৰখাৰ আৰু নৱ প্ৰজন্মক পৌৰাণিক বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে বিহু হুঁচৰি অনুশীলনত ব্যস্ত হৈ পৰিছে সকলো । এই উপলক্ষ্য়ত প্ৰাণচঞ্চল পৰিবেশৰ সৃষ্টি হৈছে ডেকা দোলাকাষৰীয়াত ৷ এই বয়সতো বিহুৰ আখৰা কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা