ৰঙালী বিহুৰ উপলক্ষে দুই হাজাৰ গামোচা বিক্ৰী কৰিবলৈ সাজু বৰহোলা বেকাজানৰ ৰমিণা মিপুণ
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ চৌদিশে হেপাঁহৰ ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি চলিব ধৰিছে ৷ ঠায়ে ঠায়ে বিহুৰ কৰ্মশালা লগতে চলিছে বিহু আখৰা ৷ সমান্তৰালভাৱে তাঁতশালৰ শিপিনী সকল দিনেনিশাই অসমীয়া স্
ৰঙালী বিহুৰ উপলক্ষে দুই হাজাৰ গামোচা বিক্ৰী কৰিবলৈ সাজু বৰহোলা বেকাজানৰ ৰমিণা মিপুণ


গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ চৌদিশে হেপাঁহৰ ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি চলিব ধৰিছে ৷ ঠায়ে ঠায়ে বিহুৰ কৰ্মশালা লগতে চলিছে বিহু আখৰা ৷ সমান্তৰালভাৱে তাঁতশালৰ শিপিনী সকল দিনেনিশাই অসমীয়া স্বাভিমান গামোচাখন তাঁতশালৰ পৰা কাটি উলিয়াবলৈ চেষ্টা কৰিছে ৷

বিহুৰ সময়ত হুচৰি দলে গৃহস্থৰ চোতালত হুচৰি গাই গৃহস্থৰ কুশল-মংগলৰ অৰ্থে মূৰৰ চুলি ছিঙি আৰ্শীবাদ কৰিব ৷ গৃহস্থইও অসমীয়াৰ স্বাভিমান গামোচাখন শৰাই অৰিহণা সৈতে আগবঢ়াই ৰাইজৰ পৰা আৰ্শীবাদ বিছাৰিব ৷ সেয়েহে গামোচা বোৱা এই সকল শিপিনী তাঁতশালত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ৷ সমান্তৰালভাৱে বৰহোলা বেকাজানৰ তাঁতশালৰ শিপিনী ৰমিনা মিপুণে দিনে ৰাতিয়ে গামোচা বোঁৱাত ব্যস্ত হৈ পৰিছে ৷ এইবাৰ ৰঙালী বিহুৰ উপলক্ষে শিপিনী গৰাকীয়ে বিহু উদযাপন সমিতি, গৃহস্থৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা অৰ্ডাৰ লাভ কৰিছে দুই হাজাৰো অধিক গামোচা ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande