বোকাখাতত কণ কণ শিশুসকলক হনুমান চালিছা পাঠৰ প্ৰাথমিক জ্ঞান
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। 'জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰি' এই আপ্ত বাক্যশাৰিক সাৰোগত কৰি কণ কণ শিশুসকলক সৰুৰে পৰাই আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰাৰ এক প্ৰয়াস চলাইছে বোকাখাত শ্ৰীশ্ৰী হনুমান জয়ন্তী মহোৎসৱ পালন সমিতিয়ে ৷ বুধবাৰৰ পৰা ৫ দিনী
বোকাখাতত কণ কণ শিশুসকলক হনুমান চালিছা পাঠৰ প্ৰাথমিক জ্ঞান


গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। 'জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰি' এই আপ্ত বাক্যশাৰিক সাৰোগত কৰি কণ কণ শিশুসকলক সৰুৰে পৰাই আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰাৰ এক প্ৰয়াস চলাইছে বোকাখাত শ্ৰীশ্ৰী হনুমান জয়ন্তী মহোৎসৱ পালন সমিতিয়ে ৷ বুধবাৰৰ পৰা ৫ দিনীয়াকৈ আয়োজন কৰা হনুমান জয়ন্তীৰ প্ৰথম দিনা সন্ধিয়া মাৰোৱাৰী সম্প্ৰদায়ৰ কণ কণ শিশুসকলক হনুমান চালিছা পাঠৰ এক কাৰ্যক্ৰম অনুষ্ঠিত কৰে ৷

হনুমান চালিছা কেনেকৈ পাঠ কৰিব লাগে তাৰ প্ৰাথমিক জ্ঞান প্ৰদানৰ লগতে সৰুৰে পৰাই যাতে আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্শিত কৰিব পাৰি তাৰেই এক প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে ৷ ডাঙৰ হৈ যাতে অসামাজিক কাৰ্যৰ পৰা আঁতৰি থাকিব পাৰে তাৰ বাবেই কণ কণ শিশুসকলক আধ্য়াত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰাৰ পদক্ষেপ লোৱা হৈছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande