ফকিৰাগ্রামৰ জামা মচজিদতত ১৫ গৰাকী হজযাত্ৰীক বিদায় সম্বৰ্ধনা ধৰ্মীয় সংখ্যালঘু পৰিষদ সমিতিৰ
কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ স্থান মক্কালৈ যাত্ৰা কৰাৰ পূৰ্বে ফকিৰাগ্রামৰ জামা মচজিদতত আজি ১৫ গৰাকী হজ যাত্ৰীক বিদায় সম্বৰ্ধনা৷ ধৰ্মীয় সংখ্যালঘু পৰিষদ ( আৰএমচি) সমিতি আজি বৃহত্তৰ ফকিৰাগ্ৰাম অঞ্চলৰ ১৫ গৰাকী হজ যাত্ৰীক আন
ফকিৰাগ্রামৰ জামা মচজিদতত ১৫ গৰাকী হজযাত্ৰীক বিদায় সম্বৰ্ধনা ধৰ্মীয় সংখ্যালঘু পৰিষদ সমিতিৰ


কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ স্থান মক্কালৈ যাত্ৰা কৰাৰ পূৰ্বে ফকিৰাগ্রামৰ জামা মচজিদতত আজি ১৫ গৰাকী হজ যাত্ৰীক বিদায় সম্বৰ্ধনা৷ ধৰ্মীয় সংখ্যালঘু পৰিষদ ( আৰএমচি) সমিতি আজি বৃহত্তৰ ফকিৰাগ্ৰাম অঞ্চলৰ ১৫ গৰাকী হজ যাত্ৰীক আনুষ্ঠানিক ভাবে বিভিন্ন সামগ্ৰীৰে সম্বৰ্ধনা জনায়৷ কোকৰাঝাৰ জিলা আৰ‌এমচিৰ সভাপতি ৰফিকুল ইছলামে পৰিচালনা কৰে সম্বৰ্ধনা অনুষ্ঠানত ধৰ্মীয় সংখ্যালঘু পৰিষদ ( আৰএমচি) কেন্দ্রীয় সমিতিৰ সভাপতি আব্দুল আৱাল মণ্ডল , সাধাৰণ সম্পাদক ছাহজাহান আহমেদ, কোকৰাঝাৰ জিলা আৰ‌এমচিৰ সভাপতি ৰফিকুল ইছলাম, বদিৰুল ইছলাম হক সহ আন বহু গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকে৷ অনুষ্ঠানত বিশ্বৰ লগতে দেশ, ৰাজ্য তথা বিটিচি এলেকাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, ঐক্য, শান্তি-সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande