ধুবুৰী, ২৭ এপ্ৰিল (হি.স.)। ধুবুৰী জিলাৰ নৱগঠিত ৭নং গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত সাধুভাষা গাওঁ পঞ্চায়তৰ পিয়াজ বাৰী প্ৰামাণিক বজাৰৰ পৰা সাধুভাষা শালমাৰা বন্ধিহানা আদি গাওঁৰ মানুহে অহা যোৱা কৰা একমাত্ৰ পথটো দীৰ্ঘ দিনৰ পৰা যমৰ যাতনাত ভুগিব লগা হৈছে সাধুভাষা অঞ্চল বাসী ৰাইজৰ ।কিমান পঞ্চায়ত নিৰ্বাচন আহিল আৰু গল কিন্তু পথটো লৈ কোনো প্ৰতিনিধিয়ে সমাধান কৰিবলৈ সক্ষম নহ'ল। সমান্তৰাল ভাৱে এইবাৰো পঞ্চায়ত নিৰ্বাচন আহিল কিন্তু সমাধান কৰিবলৈ কোনো ৰাজনৈতিক দলে আগবাঢ়ি নাহি'ল ।
সাধুভাষা গাওঁ পঞ্চায়তৰ সচেতন ৰাইজৰ সহযোগীতাত দীৰ্ঘ দিনীয়া সমস্যা সমাধান কৰিবলৈ নুৰ ইছলাম সেখে আগবাঢ়ি আহে। নুৰ ইছলাম শ্বেখৰ হৈ ,ইফতাৰুল ইছলাম প্ৰামাণিক আৰু আতোৱাৰ ৰহমান প্ৰামাণিকৰ নিজ পাট্টাৰ মাটি দি ভোটাৰ ৰাইজক যাতায়তৰ সু-ব্যৱস্থা কৰি দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ