চন্দ্ৰপ্ৰভা বড়া হাইস্কুলৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী
গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ আজাৰাস্থিত চন্দ্ৰপ্ৰভা বড়া হাইস্কুলৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড. শৰ্মাই মন্তব্য কৰে যে সৰ্বাংগীন আৰু বহুমুখী শিক্ষা
চন্দ্ৰপ্ৰভা বড়া হাইস্কুলৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী


গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ আজাৰাস্থিত চন্দ্ৰপ্ৰভা বড়া হাইস্কুলৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড. শৰ্মাই মন্তব্য কৰে যে সৰ্বাংগীন আৰু বহুমুখী শিক্ষা ব্যৱস্থাৰে শিক্ষানুষ্ঠানসমূহ সামৰি ল'ব পাৰিলে অসমত উপযুক্ত মানৱ সম্পদ নিৰ্মাণ কৰাটো সম্ভৱ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যৰ শৈক্ষিক ব্যৱস্থাটোৰ দ্ৰুত পৰিৱৰ্তন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰৱচ্ছিন্নভাৱে প্ৰয়াস চলাই আহিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ কেইবাটাও কাৰণ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ভিতৰত এক অন্যতম কাৰণ হৈছে বিদ্যালয়সমূহত ক্ৰমাগতভাৱে পৰিলক্ষিত হোৱা আন্ত:গাথনিৰ দুৰ্বলতা।

ৰাজ্য চৰকাৰে সেয়ে বিদ্যালয় সমূহৰ আন্ত:গাথনি উন্নয়নৰ বাবে এক বিশেষ আচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ ৪০০০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিখন বিদ্যালয়ৰ বাবে ৮ কোটি টকা অনুমোদন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে বৃহৎ পৰিসৰৰ আন্ত:গাথনিমূলক পদক্ষেপৰ বাবে প্ৰায় ৩২ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ'ব বুলিও তেওঁ সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ইমান বৃহৎ পুঁজি একে সময়তে ব্যয় কৰিব নোৱাৰে বাবে প্ৰথম পৰ্যায়ত ৫০০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন ভৱন নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ এই পৰিৱৰ্তনৰ নতুন যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। চলিত বৰ্ষৰ শেষৰ ফালে প্ৰায় ২০০ খন বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে প্ৰতি বছৰে ২০০ খনকৈ বিদ্যালয়ৰ আন্ত:গাথনি নতুনকৈ নিৰ্মাণ কৰিব। ২০৩৫ চনৰ আগতে ৰাজ্যৰ এই বিদ্যালয়সমূহৰ আন্ত:গাথনি উন্নীতকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে। আজাৰাৰ চন্দ্ৰপ্ৰভা বড়া বিদ্যালয়ত নতুন ভৱন নিৰ্মাণৰ প্ৰয়োজনীয়তা থাকিলে ৰাজ্য চৰকাৰে ৮ কোটি টকা আগবঢ়াব বুলিও তেওঁ কয়।

বিদ্যালয়সমূহৰ শৈক্ষিক মানদণ্ডৰ উন্নয়ন সাধনৰৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম সেইসমূহ বিদ্যালয়ৰ ওচৰৰ বিদ্যালয়ৰ সৈতে চামিল কৰা হৈছে। আনহাতে অনুষ্ঠানত মুখ্যমন্ত্ৰী ড. শৰ্মাই সোণালী জয়ন্তী উদযাপন উপলক্ষে চন্দ্ৰপ্ৰভা বড়া হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰমুখ্যে বৰ্তমান আৰু পূৰ্বৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সমন্বিতে সমূহ আজাৰাবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয় যে বহুকেইগৰাকী স্বনামধন্য ব্যক্তি অশেষ কষ্ট আৰু ত্যাগৰগ বলত পাঁচ দশক পূৰ্বে শিক্ষাৰ এই মন্দিৰৰ বীজ ৰোপন হৈছিল।

মুখ্যমন্ত্ৰীয়ে বিদ্যালয়খনৰ ভৱনৰ দাতা প্ৰয়াত ৰাজধৰ বড়াৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িতসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি ৫০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ এই বিদ্যালয়খন সম্প্ৰতি অঞ্চলটোৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানত পৰিণত হৈছে বুলিও মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানত স্বৰ্ণপ্ৰভা শীৰ্ষক চন্দ্ৰপ্ৰভা বড়া হাইস্কুলৰ সোণালী জয়ন্তী উদযাপনৰ স্মৃতিগ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। আজিৰ এই অনুষ্ঠানত সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুকুটমনি দাস, কাৰ্য্যকৰী সভাপতি ভৱেন চন্দ্ৰ মেধি, মুখ্য উপদেষ্টা ডা. হৰিচৰণ মেধি, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৰুণাকান্ত নাথ প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande