নতুন দিল্লী, ২৬ এপ্ৰিল (হি..)। ভাৰতীয় এথলেটিকছক নতুন উচ্চতালৈ লৈ যোৱা যুৱ লং জাম্পাৰ শৈলী সিঙে নেশ্যনেল ফেডাৰেচন কাপত এক তাৰকাময় প্ৰদৰ্শন আগবঢ়ায়। শুকুৰবাৰে ৬.৬৪ মিটাৰ দৌৰত উজ্জ্বল জপিয়াই এছ এথলীট অঞ্জু ববি জৰ্জৰ ২৩ বছৰীয়া মিট অভিলেখ ভংগ কৰি দেশখনক গৌৰৱান্বিত কৰে। এই ঐতিহাসিক বিজয়ৰ পিছত শ্বেলীয়ে দিয়া আৱেগিক বক্তব্যই ক্ৰীড়াপ্ৰেমীৰ হৃদয় জয় কৰিছিল।
অভিলেখ ভংগ কৰাৰ পিছত আনন্দ প্ৰকাশ কৰি শৈলী সিঙে শনিবাৰে আনুষ্ঠানিক বিবৃতিত কয় যে, অঞ্জু মেমৰ দীৰ্ঘদিনীয়া ফেডাৰেচন কাপৰ অভিলেখ ভংগ কৰাটো মোৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁৰ কৃতিত্ব সদায় মোৰ প্ৰেৰণা আৰু তেওঁৰ পদাংক অনুসৰণ কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন। এই অভিলেখ ২৩ বছৰ ধৰি থিয় দিছে, যিয়ে তেওঁৰ মহানতাক দেখুৱাইছে আৰু আজি এই উত্তৰাধিকাৰৰ অংশ হোৱাটো মোৰ বাবে এক সন্মান।
শৈলীয়ে কয়, এয়া মাত্ৰ আৰম্ভণিহে। এই কৃতিত্বত মই সন্তুষ্ট নহয়। মোৰ সপোন ভাৰতীয় এথলেটিকছক আৰু অধিক উচ্চতালৈ লৈ যোৱা। মই কঠোৰ পৰিশ্ৰম কৰি যাম যাতে মই আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰো।
একে সময়তে অঞ্জু ববি জৰ্জেও অভিলেখ দখল কৰা শিষ্যগৰাকীৰ এই কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি কয় যে, ৰেকৰ্ড ভংগ কৰাৰ বাবেই হয় আৰু শৈলীয়ে এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁৰ অগ্ৰগতি দেখাতো গৌৰৱৰ বিষয়। শৈলী ভাৰতীয় মহিলা এথলেটিকছৰ উজ্জ্বল ভৱিষ্যতৰ উদাহৰণ।
শৈলী সিঙৰ এই ঐতিহাসিক জাঁপটোৱে ভাৰতীয় এথলেটিকছত এক নতুন আশাৰ কিৰণ কঢ়িয়াই আনিছে। তেওঁলোকৰ আবেগ, আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম ভাৰতীয় মহিলাসকলে বিশ্ব ক্ৰীড়া মঞ্চত নতুনকৈ স্থান দখল কৰিবলৈ সাজু হোৱাৰ লক্ষণ।
মাত্ৰ কেইদিনমানৰ আগতে উত্তৰ প্ৰদেশৰ যুৱ খেলুৱৈগৰাকীয়ে ৬.৪৫ মিটাৰ জপিয়াই এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জন ৬.৪১ মিটাৰ অতিক্ৰম কৰিছিল। তাৰ পিছত শুকুৰবাৰে (২৬ এপ্ৰিল) এৰ্নাকুলামৰ মহাৰাজা কলেজ খেলপথাৰত ৬.৬৪ মিটাৰ জপিয়াই ইতিহাসৰ সৃষ্টি কৰে আৰু ২০০২ চনত স্থাপন কৰা অঞ্জু ববি জৰ্জৰ ৬.৫৯ মিটাৰ মিটৰ অভিলেখ ভংগ কৰে।
মন কৰিবলগীয়া যে শৈলীৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন ৬.৭৬ মিটাৰ, যিটো ২০২৩ চনত লাভ কৰিছিল। ভাৰতীয় মহিলা খেলুৱৈৰ মাজত এয়া দ্বিতীয় শ্ৰেষ্ঠ প্ৰচেষ্টা, এতিয়াও অঞ্জু ববি জৰ্জৰ ৰাষ্ট্ৰীয় অভিলেখ ৬.৮৩ মিটাৰতকৈ কিছু পিছ পৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া