এছিয়ান ১৫ বছৰ অনুৰ্ধ আৰু ১৭ বছৰ অনুৰ্ধ বক্সিং চেম্পিয়নশ্বিপঃ ভাৰতৰ ৪৩টা পদক লাভ
আম্মান (জৰ্ডান), ২৬ এপ্ৰিল (হি.স.)। বিশ্ব বক্সিঙৰ স্বীকৃতিপ্ৰাপ্ত নতুন এছিয়ান বক্সিং সংস্থাটোৱে আয়োজন কৰা প্ৰথম এছিয়ান ১৫ অনুৰ্ধ আৰু ১৭ বছৰ অনুৰ্ধ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সিং দলটোৱে এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াইছে আৰু এতিয়ালৈকে মুঠ ৪৩টা
ভাৰতীয় বক্সাৰ দেৱাংশ


আম্মান (জৰ্ডান), ২৬ এপ্ৰিল (হি.স.)। বিশ্ব বক্সিঙৰ স্বীকৃতিপ্ৰাপ্ত নতুন এছিয়ান বক্সিং সংস্থাটোৱে আয়োজন কৰা প্ৰথম এছিয়ান ১৫ অনুৰ্ধ আৰু ১৭ বছৰ অনুৰ্ধ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সিং দলটোৱে এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াইছে আৰু এতিয়ালৈকে মুঠ ৪৩টা পদক লাভ কৰিছে। ভাৰতীয় বক্সিং ফেডাৰেচনে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি প্ৰতিযোগিতাৰ সপ্তম দিনা আৰু চাৰিগৰাকী ভাৰতীয় বক্সাৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে।

ছেমি ফাইনেলত প্ৰৱেশ কৰা সকলো খেলুৱৈয়ে কমেও ব্ৰঞ্জৰ পদক লাভৰ অধিকাৰী হোৱাৰ বাবে ভাৰতে এতিয়া ১৫ বছৰ অনুৰ্ধৰ শাখাত কমেও ২৫টা আৰু ১৭ বছৰ অনুৰ্ধ শাখাত কমেও ২৫টা পদক লাভ কৰাৰ আশ্বাস দিছে।

উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে - ১৭ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত অমন ছিৱাচ (৬৩ কেজি) আৰু দেৱাঞ্চ (৮০ কেজি)য়ে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই ফিলিপাইনছ আৰু জৰ্ডানৰ খেলুৱৈৰ বিৰুদ্ধে ৰেফাৰী ষ্টপড কনটেষ্ট (আৰ এছ চি)ৰ দ্বাৰা খেলত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

ছোৱালীৰ শাখাত ছিমৰঞ্জিত কৌৰে (৬০ কেজি) জৰ্ডানৰ আয়া আলহাছনাটক ৫-০ গ’লত ডাঙৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে প্ৰথম ৰাউণ্ডত পেলেষ্টাইনৰ ফাৰাহ আবু লাইলাৰ বিৰুদ্ধে যুঁজখন সমাপ্ত কৰি হিমাংশীয়ে (৭০ কেজি) আৰ এছ চিয়ে জয়লাভ কৰে।

৭ম দিনৰ ফলাফল - ১৭ বছৰ অনুৰ্ধ পুৰুষৰ শ্ৰেণী - কোৱাৰ্টাৰ ফাইনেল

৬০ কেজিঃ আমিৰি মেহৰাবী (ইৰাণ)ৰ হাতত ২-৩ ত পৰাস্ত হয় সাহিল দুহান (ভাৰত)।

৬৩ কেজিঃ ৰেফাৰী ষ্টপ কনটেষ্ট (আৰ এছ চি) (ৰাউণ্ড ২)ৰ দ্বাৰা জিয়াডাৰ্চ জেমছ কাব্ৰেৰা (ফিলিপাইনছ)ক পৰাস্ত কৰে অমান ছিৱাচে (ভাৰত)

৬৬ কেজিঃ অনন্ত গৌৰীশংকৰ দেশমুখ (ভাৰত)ৰ দানিয়াল শালকাৰবাই (কাজাখস্তান)ৰ হাতত ০-৫ ত পৰাস্ত হয়

৭৫ কেজিঃ খুৰ্ছিদবেক জুৰায়েভ (উজবেকিস্তান)ৰ হাতত ০-৫ ত পৰাস্ত হয় প্ৰিয়ংশ ছেহৰাৱাট (ভাৰত)।

৮০ কেজিঃ দেৱাংশ (ভাৰত)ই আবদল্লা আলদাব্বাছ (জৰ্ডান)ক আৰ এছ চি (ৰাউণ্ড ৩)ৰ দ্বাৰা পৰাস্ত কৰে।

৮০+ কেজিঃ লভেন গুলিয়া (ভাৰত) ফাৰহৌদ ঘোৰবানী (ইৰাণ)ৰ হাতত ০-৫ ত পৰাস্ত হয়

১৭ বছৰ অনুৰ্ধ মহিলা শাখা - কোৱাৰ্টাৰ ফাইনেল

৬০ কেজিঃ ছিমৰণজীত কৌৰে (ভাৰত) আয়া আলহাছনাত (জৰ্ডান)ক ৫-০ ত পৰাস্ত কৰে

৭০ কেজিঃ প্ৰথম ৰাউণ্ডত হিমাংশী (ভাৰত)য়ে ফাৰাহ আবু লাইলা (পেলেষ্টাইন)ক আৰ এছ চিত পৰাস্ত কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande