কোপা ডেল ৰে ফাইনেল ২০২৫: বাৰ্চিলোনা আৰু ৰিয়েলৰ মাজত খিতাপৰ যুঁজ
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কোপা ডেল ৰে ২০২৫ৰ ফাইনেল খেলখন শনিবাৰে (দেওবাৰে ভাৰতীয় সময় অনুসৰি) ফুটবলৰ দুখন বৃহৎ প্ৰতিদ্বন্দ্বী বাৰ্চিলোনা আৰু ৰিয়েল মাদ্রিদৰ মাজত অনুষ্ঠিত হ’ব । ফৰ্মত থকা বাৰ্চিলোনাই ছিজনৰ তৃতীয়বাৰৰ বাবে ৰিয়েলক পৰাস্ত কৰাৰ আশ
বাৰ্চিলোনাৰ মাৰ্ক কাছাডো আৰু ৰিয়েলৰ ফেডেৰিকো ভালভাৰ্ডে


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কোপা ডেল ৰে ২০২৫ৰ ফাইনেল খেলখন শনিবাৰে (দেওবাৰে ভাৰতীয় সময় অনুসৰি) ফুটবলৰ দুখন বৃহৎ প্ৰতিদ্বন্দ্বী বাৰ্চিলোনা আৰু ৰিয়েল মাদ্রিদৰ মাজত অনুষ্ঠিত হ’ব । ফৰ্মত থকা বাৰ্চিলোনাই ছিজনৰ তৃতীয়বাৰৰ বাবে ৰিয়েলক পৰাস্ত কৰাৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে সংগ্ৰামৰত ৰিয়েল মাদ্রিদে ট্ৰফীবিহীন ছিজন এৰাই চলি কিছু গৌৰৱ ৰক্ষা কৰিবলৈ বিচাৰিব।

বাৰ্চিলোনাই দুবাৰকৈ ৰিয়েলক পৰাস্ত কৰিছে-

বার্চিলোনাই এই ছিজনত দুখন ডাঙৰ মেচত ৰিয়েল মাদ্রিদক পৰাস্ত কৰিছে৷ অক্টোবৰ মাহত ছাউদি আৰৱত অনুষ্ঠিত হোৱা স্পেনিছ ছুপাৰ কাপৰ ফাইনেলত ৰিয়েলৰ বিৰুদ্ধে ৫-২ গ’লত জয়লাভ কৰি বাৰ্চাই নিজৰ আধিপত্য স্পষ্ট কৰি তুলিছে।

চেভিলাৰ আইকনিক লা কাৰ্টুজা ষ্টেডিয়ামত কোপা ডেল ৰেৰ ফাইনেলৰ বাবে দুয়োটা দলৰ মাজত মুখামুখি হ’ব। এই প্ৰতিযোগিতাৰ ফাইনেলত বাৰ্চিলোনা আৰু ৰিয়েল মাদ্রিদৰ মুখামুখি হ’ব অষ্টমবাৰৰ বাবে। এই পৰ্যন্ত ৭ খন ফাইনেলত ৰিয়েলে চাৰিবাৰ আৰু বাৰ্চিলোনাই তিনিবাৰকৈ জয়লাভ কৰিছে।

২০১১ চনত জোচে মৰিনিয়োৰ প্ৰশিক্ষকতাত ৰিয়েল মাদ্রিদে ১৮ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত অতিৰিক্ত সময়ত বার্চিলোনাক ১-০ গ’লত পৰাস্ত কৰি ট্রফী জয় কৰিছিল, য’ত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ হেডাৰ গ’লটো ঐতিহাসিক হৈ পৰিছিল৷ ২০১৪ চনৰ ফাইনেলত গেৰেথ বেলে বাওঁফালৰ পৰা প্ৰায় ৫০ মিটাৰ দৌৰি এক চমকপ্ৰদ গ’ল দি নিজৰ দলটোক ২-১ গ’লত জয়লাভ কৰে।

ইতিহাস আৰু পৰিসংখ্যাৰ মাজৰ যুদ্ধখনো আকৰ্ষণীয়-

১৯৩৬, ১৯৭৫, ২০১১ আৰু ২০১৪ চনত ৰিয়েল মাদ্রিদে কোপা ডেল ৰে খিতাপ দখল কৰাৰ বিপৰীতে ১৯৬৮, ১৯৮৩ আৰু ১৯৯০ চনত বার্চিলোনাই এই ট্রফী লাভ কৰিছিল ৷ এথলেটিক বিলবাওৱে ২৪টা খিতাপ দখল কৰাৰ বিপৰীতে ৰিয়েল মাদ্রিদে ২০টা খিতাপৰে তৃতীয় স্থানত আছে ৷

আজিলৈকে চেম্পিয়নছ লীগৰ ফাইনেলত কোনো মুখামুখি হোৱা নাই যদিও দুয়োটা দলে এতিয়ালৈকে কোনোবা নহয় কোনোবা ফাইনেলত মুঠ ১৮ বাৰ ইজনে সিজনৰ বিৰুদ্ধে খেলিছে, তথাপিও আচৰিত কথাটো হ’ল যে ইউএফএ চেম্পিয়নছ লীগৰ ফাইনেলত এই দুয়োটা দলে এতিয়াও কেতিয়াও মুখামুখি হোৱা নাই।

ৰিয়েল মাদ্রিদে বার্চিলোনাৰ বিৰুদ্ধে ১১খন ফাইনেলত জয়লাভ কৰিছে— চাৰিখন কোপা ডেল ৰে আৰু ৭টা স্পেনিছ ছুপাৰ কাপ, আনহাতে বার্চিলোনাই মুঠ ৭খন ফাইনেলত জয়লাভ কৰিছে ৷

এতিয়া আমোদজনক হ’ব যে বাৰ্চিলোনাই পুনৰবাৰ ৰিয়েল মাদ্রিদক পৰাস্ত কৰি ছিজনৰ খিতাপ দখল কৰিব নে ৰিয়েল মাদ্রিদে পুনৰ উভতি আহি ট্রফীবিহীন ছিজনৰ পৰা নিজকে ৰক্ষা কৰিব ৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande